দেশত কৰ’নাৰ সংক্ৰমণ আৰম্ভ হােৱাৰ সময়ৰ পৰাই অভিনেতা ছনু সুদে পীড়িত লােকক যথাসম্ভৱ সহায়-সহযােগিতা আগবঢ়াই আহিছে। কৰ’নাৰ প্ৰথম সংক্ৰমণৰ সময়ত প্রব্রজিত শ্রমিকক গৃহৰাজ্যলৈ উভতি যােৱাৰ ক্ষেত্ৰত ছনুৱে পৰিবহণৰ বিশেষ ব্যৱস্থা কৰি দিছিল।
কৰ’নাৰ সংক্ৰমণৰ দ্বিতীয় ঢৌৰ সময়ত নিজে ক’ভিড সংক্রমিত হােৱাৰ পাছতাে ছনুৱে আৰ্তজনলৈ সহায়ৰ হাত আগবঢ়াইছে। ছনুৱে এই সন্দৰ্ভত টুইট কৰি কয়, ‘মাজনিশা যেতিয়া মােলৈ কোনােবাই সহায়ৰ বাবে ফোন কৰে আৰু তেনে লােকৰ প্ৰাণৰক্ষা কৰিবলৈ মই অক্সিজেন যােগানৰে সহায় কৰিবলৈ সক্ষম হওঁ, তেতিয়া মই জীৱনৰ সবাতােকৈ অধিক সুখ অনুভৱ কৰাে।
এখন ছবিয়ে এশ কোটি টকাৰ ব্যৱসায় কৰাৰ সুখতকৈও এই সুখ অধিক। যেতিয়া শয্যা বিচাৰি মানুহে হাস্পতালত অপেক্ষাৰত হৈ থাকে, তেতিয়া আমি নিদ্রা গ্রহণ কৰিব নােৱাৰাে। ছনুৰ এই টুইটক সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে উচ্চ প্রশংসা কৰিছে।