কৰ’নাত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিলে ভাৰতৰ প্ৰাক্তন এটৰ্নি জেনেৰেল ছ’লি ছৰবজী । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯১ বছৰ । তেওঁ ভাইৰাছত আক্ৰান্ত হোৱাৰ পাছত দিল্লীৰ এখন বেচৰকাৰী হাস্পতালত চিকিৎসাধীন হৈ আছিল । আজি পুৱা হাস্পতালতে শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন অধিবক্তাজনে ।
২০০২ৰ মাৰ্চত ছৰবজীয়ে পদ্মবিভূষণ সন্মান লাভ কৰে । তেওঁ তেওঁৰ জীৱিকাৰ বহুখিনি সংবাদপত্ৰৰ স্বাধীনতা আৰু অধিকাৰ ৰক্ষাৰ বাবেই ব্যয় কৰিছিল । তেওঁ উচ্চতম ন্যায়ালয়ত এই সংক্ৰান্তত বহু উল্লেখযোগ্য গোচৰতো যুঁজিছে ।
দেশৰ এই প্ৰাক্তন এটৰ্নি জেনেৰেলজনে ১৯৫৩ত বোম্বে উচ্চ ন্যায়ালয়ত জীৱিকাৰ পাতনি মেলে । ছৰবজী ১৯৮৯-৯০ত প্ৰথমবাৰ আৰু ১৯৯৮-২০০৪ পৰ্যন্ত দ্বিতীয়বাৰ ভাৰতৰ এটৰ্নি জেনেৰেল হয় ।
তেওঁ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ ৰক্ষা সংক্ৰান্ত কমিচনৰ মুৰব্বী হিচাপে নিযুক্ত হয় । ১৯৯৭ত ৰাষ্ট্ৰসংঘই তেওঁক নাইজেৰিয়াৰ বিশেষ প্ৰতিভূ হিচাপেও নিয়োগ কৰে । তেওঁ বাক্ স্বাধীনতাৰ অধিকাৰ আৰু সংবাদপত্ৰৰ স্বাধীনতাৰ পক্ষে সৰৱ আছিল । প্ৰকাশন সংস্থাবোৰৰ নিষেধাজ্ঞা আৰু নিয়ন্ত্ৰণ প্ৰত্যাহাৰৰ বিষয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ছৰবজীয়ে ।