● ‘দ্য আছাম ট্ৰিবিউন’ কাকতৰ নতুন দিল্লীস্থিত সাংবাদিক কল্যাণ বৰুৱাৰ আজি কৰ’নাত আক্ৰান্ত হৈ মৃত্যু ।
● জ্যেষ্ঠ সাংবাদিকজন হাৰিয়ানাৰ গুৰুগ্ৰাম হাস্পতালত চিকিৎসাধীন হৈ আছিল ।
● তেওঁৰ পত্নী নিলাক্ষী ভট্টাচাৰ্য্যইও কালি কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাই ।
● তেওঁ টাইমছ অফ ইণ্ডিয়াত কৰ্মৰত আছিল ।
● জ্যেষ্ঠ সাংবাদিক কল্যাণৰ মৃত্যুত টুইটযোগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰে ।
জ্যেষ্ঠ সাংবাদিক কল্যাণ বৰুৱাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেখেতৰ বিয়োগ সংবাদ ক্ষেত্ৰৰ বাবে এক অপূৰণীয় ক্ষতি। তেখেতৰ বিদেহ্ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা যাচিলোঁ। pic.twitter.com/DFnkz1vXku
— Sarbananda Sonowal (Modi Ka Parivar) (@sarbanandsonwal) May 1, 2021
"দ্য আছাম ট্ৰিবিউন" কাকতৰ নতুন দিল্লীস্থিত সাংবাদিক কল্যাণ বৰুৱাদেৱৰ বিয়োগৰ বাতৰি পাই মৰ্মাহত হৈছো ৷ জ্যেষ্ঠ সাংবাদিক বৰুৱাই সাংবাদিকতাৰ ক্ষেত্ৰখনত অতি নিষ্ঠাৰে জড়িত হৈ থাকি সেৱা আগবঢ়াইছিল ৷ তেওঁৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ ৷ pic.twitter.com/Q8H8Xnbnlr
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) May 1, 2021