সংক্ৰমণৰ দ্বিতীয় ঢৌ ৰোধ কৰিবলৈ কিছু সপ্তাহৰ বাবে ভাৰতত তলাবন্ধ জাৰি কৰাৰ পৰামৰ্শ দিয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন প্ৰশাসনৰ শীৰ্ষ চিকিৎসা উপদেষ্টা এপিডেমিঅ’লজিষ্ট এণ্টনি ফ’চিয়ে ।
এণ্টনি ফ’চিয়ে কয়, ভাৰতত অতি শীঘ্ৰে তলাবন্ধ জাৰি কৰা উচিত । ভাৰতৰ ক’ভিড সংক্ৰমণক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে বাইডেন প্ৰশাসনে । তেওঁলোকে কয় যে, ভাৰতৰ পৰিস্থিতি অতি ভয়াবহ । সংক্ৰমণৰ দ্বিতীয় ঢৌৱে ভাৰতত এতিয়াও শীৰ্ষ স্থান পোৱা নাই । পৰৱৰ্তী সময়ত পৰিস্থিতি যে ইয়াতকৈও বেয়া হ’ব সেইটো নিশ্চিত ।
ফ’চিয়ে কয়, ‘ভাৰতত অতি শীঘ্ৰে কিছু সপ্তাহৰ বাবে তলাবন্ধ জাৰি কৰা উচিত । নহ’লে আৰু বিপদত পৰিব ভাৰত ।’
বিশ্বৰ ক’ভিড সমস্যাৰ যুঁজৰ আৰু স্বাস্থ্য নিৰাপত্তাৰ দায়িত্বপ্ৰাপ্ত আমেৰিকাৰ বৈদেশিক মন্ত্ৰণালয়ৰ ক’অৰ্ডিনেটৰ গেল ই স্মিথ ৱাশ্বিংটনে শুকুৰবাৰে এক সংবাদ মেলত কয়, ‘ভাৰতৰ ক’ভিড পৰিস্থিতি খুবেই বেয়া । আমি অতি উদ্বিগ্ন । ভাৰতত প্ৰতিদিনে নতুন আক্ৰান্তৰ সংখ্যা দ্ৰুত হাৰত বৃদ্ধি পাইছে । কিন্তু এই পৰ্যন্ত ভাৰতত সংক্ৰমণৰ দ্বিতীয় ঢৌৱে শীৰ্ষ বিন্দু পোৱা নাই ।’
স্মিথে জনায় যে, সম্প্ৰতি ভাৰতক সকলো ধৰণৰ সহায় কৰা প্ৰয়োজন । সেয়ে ইতিমধ্যে বাইডেন প্ৰশাসনে ভাৰতক অক্সিজেন সৰবৰাহ, চিকিৎসাকৰ্মীসকলৰ সুৰক্ষা আৱৰণী, পৰীক্ষাৰ বাবে বিভিন্ন সৰঞ্জাম আৰু প্ৰতিষেধক প্ৰস্তুতকাৰী কেঁচামাল প্ৰেৰণ কৰাৰ দৰে জৰুৰী পদক্ষেপ গ্ৰহণ কৰিছে ।