কৰ’নাৰ দ্বিতীয় ঢৌয়ে দেশখনত বহুতো লোকৰ প্ৰাণ কাঢ়িছে । এই সময়ত বহুতো লোক শ্বাস-প্ৰশ্বাসৰ সমস্যাত ভুগি আছে। অক্সিজেনৰ সমস্যা হৈছে। শৰীৰত অক্সিজেনৰ মাত্ৰা কমিছে । কেৱল কৰ’নাৰ বাবেই নহয় যিকোনো সময়তে উশাহ-নিশাহৰ অভ্যাস কৰাটো ভাল। ই চৰ্দি, কাহ, মুৰৰ বিষ, চাপ আৰু আনকি হৃদযন্ত্ৰকো সতেজ কৰি ৰাখে। ইয়াৰ বাবে মাত্ৰ কেইটামান পদ্ধতি অনুসৰণ কৰিব লাগিব।

শুৱাৰ পৰা উঠি ঘৰৰ বাগিচাত বা ছাদৰ ওপৰত বা মেট জাতীয় কিছু পাৰি শুই দিয়ক । মূৰত এটা গাৰু ৰাখক। তাৰ পাছত দুটা হাতৰ তলত গাৰু ৰাখিব। এনেদৰে কমেও দহ মিনিটৰ বাবে শুই থাকক আৰু এনেদৰে উশাহ লওক।

তাৰ পাছত লাহে লাহে বহক। পোনহৈ বহক আৰু আপোনাৰ হাতদুখন বুকুৰ ওচৰত আনি নমস্কাৰ কৰাৰ দৰে ৰাখক আৰু উশাহ লওক। চকু বন্ধ ৰাখিব আৰু এনেদৰেই প্ৰথম পাঁচটা উশাহ লওক আৰু পাঁচটাত উশাহ এৰি দিয়ক । এইটো প্ৰতিদিনে যিমান সম্ভৱ সিমান সময়লৈ কৰিব। এইটোৱে আপোনাৰ হৃদয়ক ভালদৰে কাম কৰাব। ৰক্ত সঞ্চালন সঠিক হ’ব। আৰু উশাহ চুটি হোৱাকে ধৰি আন বহুতো ৰোগৰ পৰা পৰিত্ৰাণ পাব।

যদি আপোনাৰ বয়স অত্যাধিক বা মাটিত বহিবলৈ অসুবিধা হয়, আপুনি চকী এখনতো বহিব পাৰে। তেনে ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব যাতে কান্ধ, মুৰ আৰু ডিঙিত চকীখনৰ ছাপোৰ্ট থাকে।এনেদৰে ১০ মিনিটৰ বাবে উশাহ লওঁক। তাৰ পাছত চকীখনত পোনকৈ বহি উশাহ লওক আৰু উশাহ এৰি দিয়ক। শৰীৰত কষ্ট দি নকৰিব। যিমান পাৰে কৰিব।






























