আজি চিৰাঙৰ ভাৰত-ভূটান সীমান্তত গুলিচালনাৰ ঘটনা সংঘটিত হয় ।
ADVERTISEMENT
সীমান্তৰ ৪নং হাতিসাৰ বন গাঁৱৰ বাসিন্দা খৰিকটীয়া বলে বসুমতাৰী(৩৯) নামৰ লোকজনে সীমান্তৰ হাবিত খৰি কাটীবলৈ যোৱাত গুলিবিদ্ধ হয়।
অচিনাক্ত দুৰবৃত্তই গুলিচালনা কৰাৰ ফলত ভৰিত গুলি বিদ্ধ হোৱা লোকজন বৰ্তমান কোকৰাঝাৰৰ ক্ৰফ্টছ মেম’ৰিয়েল হাস্পতালত চিকিৎসাধীন আছে।
ঘটনাৰ তদন্ত বিচাৰি আৰক্ষীক অনুৰোধ জনাইছে গুলিবিদ্ধ খৰিকটীয়া লোকজনে।