৫০ বছৰৰ ঊৰ্ধ্বৰ প্ৰত্যেককে ক’ভিড প্ৰতিষেধক প্ৰদান কৰিব ব্ৰিটেইনে । শেহতীয়া এক সাক্ষাৎকাৰত এই তথ্য সদৰী কৰে ইংলেণ্ডৰ প্ৰধান মেডিকেল বিষয়া ক্ৰিছ হিট্টিয়ে । তেওঁ জনায় যে, চলিত বৰ্ষৰ বৰদিনৰ পূৰ্বে কৰ’না সংক্ৰমণৰ শংকা সম্পূৰ্ণভাৱে সমাপ্ত কৰিবৰ বাবে ৫০ বছৰ বয়সৰ ঊৰ্ধ্বৰ সকলোকে প্ৰতিষেধক প্ৰদানৰ পৰিকল্পনা কৰা হৈছে ।
বৰদিনৰ পূৰ্বে কৰ’না ৰোধৰ লক্ষ্যেৰে দুটা উপায় উলিয়াইছে ব্ৰিটেইনে । এই বিষয়ত পৰীক্ষা-নিৰীক্ষা চলি আছে বুলি জনায় ক্ৰিছে । কৰ’নাৰ নতুন প্ৰজাতিৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিব পৰাকৈ প্ৰতিষেধক প্ৰস্তুত কৰাৰ প্ৰস্তুতি চলিছে । ফাইজাৰ-বায়’এনটেক, অক্সফ’ৰ্ড-অষ্ট্ৰাজেনেকা আৰু মডাৰ্নাৰ প্ৰতিষেধকসমূহৰ তৃতীয় ড’জ দিয়াৰ বিষয়ত বিবেচনা কৰা হ’ব ।
মংগলবাৰে ব্ৰিটেইন প্ৰশাসনে দিয়া তথ্য অনুসৰি, ব্ৰিটেইনত ইতিমধ্যে তিনি কোটি ৪৬ লাখৰো অধিক লোকক ক’ভিড প্ৰতিষেধকৰ প্ৰথম ড’জ প্ৰদান কৰা হৈছে । ইয়াৰ ভিতৰত বহুতে দ্বিতীয় ড’জো লাভ কৰিছে । সম্প্ৰতি ৫০ বছৰ বয়সৰ ঊৰ্ধ্বৰ সকলক তৃতীয় ড’জ প্ৰদানৰ পৰিকল্পনাও কৰিছে ব্ৰিটেইনে ।
ব্ৰিটেইনৰ জনসংখ্যা প্ৰায় ছয় কোটি ৭০ লাখ । দেশখনত ইতিমধ্যে আঠ বিধ ক’ভিড প্ৰতিষেধকৰ ৫১ কোটি ড’জক লৈ কাম চলি আছে । ইয়াৰ ভিতৰত কিছুসংখ্যক প্ৰতিষেধকৰ চূড়ান্ত পৰ্য্যায়ৰ কাম চলি আছে ।