নিৰ্বাচনৰ পৰৱৰ্তী হিংসাৰ তদন্তত শ্বাহ-মন্ত্ৰণালয়ৰ চাৰি সদস্যৰ দল নবান্নত

CPI ML Liberation Agitation in Kolkata

পশ্চিমবংগ নিৰ্বাচনৰ পৰৱৰ্তী হিংসাৰ তদন্ত কৰিবৰ বাবে চাৰিজনীয়া এটা দল প্ৰক্ষেপ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে । আজি নবান্নত উপস্থিত হয় দলটো । সূত্ৰ অনুসৰি, অতিৰিক্ত সচিব পৰ্যায়ৰ বিষয়াই দলটোক নেতৃত্ব দিব । হিংসাত্মক ঘটনাত ক্ষতিগ্ৰস্ত ৰাজ্যৰ বিভিন্ন অঞ্চল তেওঁলোকে পৰ্যৱেক্ষণ কৰিব ।

নিৰ্বাচনৰ পৰৱৰ্তী হিংসাৰ বিষয়ত পশ্চিমবংগৰ নৱনিৰ্বাচিত চৰকাৰক বুধবাৰে কঠোৰ সতৰ্কবাৰ্তা দিয়ে অমিত শ্বাহৰ নেতৃত্বাধীন কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে । সতৰ্কবাৰ্তাত কোৱা হয়, নিৰ্বাচনৰ পৰৱৰ্তী হিংসাৰ বিষয়ত অবিলম্বে ৰিপ’ৰ্ট প্ৰেৰণ নকৰিলে বিষয়টো গুৰুত্বৰভাৱে পৰ্যৱেক্ষণ কৰা হ’ব ।

ঘটনা সন্দৰ্ভত মংগলবাৰে এটা টুইটো কৰিছিল গৃহমন্ত্ৰণালয়ে । টুইটটোত নিৰ্বাচনোত্তৰ পশ্চিমবংগ বিৰোধী দলৰ কৰ্মীসকল কিয় আক্ৰমণ কৰা হৈছে বুলি প্ৰশ্ন উত্থাপন কৰা হয় ।

সম্প্ৰতি পশ্চিমবংগৰ ৰাজ্যপাল জগদীপ ধনখড়ক ফোন কৰি বিষয়টো সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । মমতা বেনাৰ্জীৰ তৃতীয়বাৰৰ বাবে শপত গ্ৰহণৰ দিনাখনে হিংসা আৰু ৰক্তপাত বন্ধ কৰাৰ দাবীত ধৰ্ণা কৰ্মসূচী পালন কৰিছিল বিজেপিয়ে । ধৰ্ণাত বিজেপিৰ সৰ্ব্বভাৰতীয় সভাপতি জেপি নড্ডাইও যোগ দিছিল । ইয়াৰ পাছতেই তদন্তৰ বাবে দল গঠন কৰে অমিত শ্বাহৰ মন্ত্ৰণালয়ে ।

Exit mobile version