২৭ বছৰীয়া বৈবাহিক জীৱনৰ অন্ত পেলাই বিচ্ছেদ গেটছ দম্পতীৰ

দুয়ােৰে চাৰে ১৪ হেজাৰ কোটিৰ সম্পত্তি ভাগক কেন্দ্র কৰি জল্পনা

j5mekubg bill and melinda gates

২৭ বছৰীয়া বৈবাহিক জীৱনৰ অন্ত পেলাই বিচ্ছেদ ঘটালে বিল গেটছ আৰু মেলিণ্ডা গেটছে। গেটছ। ফাউণ্ডেচনৰ দুই মুৰব্বী বিল আৰু মেলিণ্ডাই পৰস্পৰৰ পৰা আঁতৰি যােৱা বিষয়টো একেলগে টুইটাৰত ঘােষণা কৰিছে।

প্রায় তিনিটা দশকৰ দাম্পত্য জীৱনৰ অন্তত তেওঁলােকৰ এনে সিদ্ধান্তই স্বাভাৱিকতে সকলােকে অবাক কৰি তুলিছে। ইয়াৰ উপৰি আন এটা বিষয়ে সম্প্রতি বিশেষভাৱে চর্চা হৈছে।

বিল আৰু মেলিণ্ডাৰ বিশাল সম্পত্তিৰ ভাগ কিদৰে হ’ব? তেওঁলােকৰ কোনে কিমান টকা পাব ১৯৮৭ত প্রথম সাক্ষাৎ হৈছিল বিল আৰু মেলিণ্ডাৰ। বিলৰ মাইক্র’ছ’ক্ট কোম্পানীত সেই বছৰতে প্রডাক্ট মেনেজাৰৰূপে যােগ দিছিল মেলিণ্ডাই।

নিউ য়র্ক এক বিজনেছ ডিনাৰত দুয়াে উপস্থিত আছিল। তেতিয়াই সাক্ষাৎ আৰু প্ৰেমৰ সূচনা। সাত বছৰৰ প্রেমৰ সম্পৰ্কৰ অৱসান ঘটাই ১৯৯৪ত তেওঁলােক বিবাহপাশত আবদ্ধ হয়।

কিছু বছৰৰ পাছত দুয়াে একেলগে গেটছ ফাউণ্ডেচন প্রতিষ্ঠা কৰে। ২০০০ত প্রতিষ্ঠিত সেই সংস্থাই বিগত ২১ বছৰত বিভিন্ন দেশৰ স্বাস্থ্য ক্ষেত্ৰৰ উন্নতিৰ হকে কোটি কোটি ডলাৰ ব্যয় কৰিছে। গেটছ দম্পতীৰ আছে তিনি সন্তান। তেওঁলােক দুয়াে যৌথভাৱে বিশাল অংকৰ সম্পত্তিৰ অধিকাৰী।

বিচ্ছেদৰ পাছত সেই বিশাল সম্পত্তি দুয়ােৰে মাজত কিদৰে ভাগ হ’ব বুলিয়ে সম্প্রতি চর্চা আৰম্ভ হৈছে। ফ’বছ পত্রিকাৰ হিচাপ অনুসৰি বিল প্রায় চাৰে ১৩ হেজাৰ কোটি ডলাৰৰ অধিকাৰী। তেওঁ সম্প্রতি বিশ্বৰ চতুর্থ ধনী ব্যক্তি।

এই সম্পত্তিৰ ভিতৰত আকৌ মেলিণ্ডাৰাে অংশীদাৰী আছে। ২০০০ত বিল আৰু মেলিণ্ডা গেটছে মিলি বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেচন প্রতিষ্ঠা কৰিছিল। নিজৰ সম্পত্তিৰ অধিকাংশই তেওঁলােকে এই সংস্থাত বিনিয়ােগ কৰিছে।

২০২০ৰ হিচাপ অনুসৰি এই সংস্থাৰ মুঠ সম্পত্তিৰ পৰিমাণ আছিল পাঁচ হেজাৰ এশ কোটি ডলাৰ। যৌথভাৱে বিল আৰু মেলিণ্ডাৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ১৪ হেজাৰ ছশ কোটি ডলাৰ। বিচ্ছেদৰ পাছত এই বিশাল সম্পত্তি দুয়ােৰে মাজত ভাগ কৰাটো বিশেষ সহজ নহ’ব বুলিয়ে তেওঁলােকৰ ঘনিষ্ঠ মহলে ধাৰণা কৰিছে।

এই বিশাল সম্পত্তি তেওঁলােক দুয়ােৰে মাজত কিদৰে ভাগ হ’ব, সেয়া এতিয়াও স্পষ্ট নহয়। যৌথ সম্পত্তিৰ উপৰি তেওঁলােকৰ নিজস্ব সম্পত্তিও আছে। ঘনিষ্ঠ মহলৰ মতে, কেৱল তেওঁলােকৰ যৌথ সম্পত্তিহে দুয়াে ভাগ কৰি ল’ব। ইয়াক কেন্দ্ৰ কৰি দুয়াে কিং কান্ট্রি ছুপিৰিয়ৰ কৰ্টত আবেদনাে জনাইছে।

এজন আইনজীৱীয়ে জনােৱা মতে, যৌথ সম্পত্তি দুয়ােৰে মাজত সমানে ভাগ হ’ব। অৱশ্যে তাৰ পৰিমাণ কিমান হ’ব। সেয়া এতিয়াও স্পষ্ট হােৱা নাই।

Exit mobile version