শুক্ৰবাৰৰ জুম্মাৰ নামাজৰ সময়ত মছজিদত ওলমি থাকিল তলা

WhatsApp Image 2021 05 07 at 12.59.55 PM

চিৰাঙত ক’ভিড নীতি নিয়মৰ বাবে শুকুৰ বাৰৰ জুম্মা নামাজত প্ৰভাৱ। জিলা সদৰ কাজলগাঁওৰ বৰতালোৱা জামে মছজিদত নিতৌ দেৰ-দুহেজাৰ লোকে নামাজ পঢ়ে যদিও আজি শুক্ৰবাৰৰ জুম্মাৰ নামাজৰ সময়ত মছজিদত ওলমি থাকিল তলা।

কাৰণ ক’ভিড নিয়ম অনুসৰি ২০ জন লোক মছজিদত প্ৰৱেশ কৰাৰ পাছতে মছজিদ পৰিচালনা সমিতিয়ে মছজিদৰ দুৱাৰ তথা গেটত তলা বন্ধ কৰি দিয়ে। পৱিত্ৰ ৰমজান মাহৰ শেষৰটো জুম্মাৰ নামাজ পঢ়িবলৈ আহি ঘুৰি যাবলগীয়া হ’ল বহু লোক।

Exit mobile version