কৰ’না কালত আয় বৃদ্ধি এইসমূহ সংস্থাৰ

Covid 19 virus

Apple logo gadgets page

এপল

মহামাৰীৰ আৰম্ভণিৰে পৰা এই পর্যন্ত আইফোনৰ বিক্ৰী বৃদ্ধি পােৱাৰ ফলত দুগুণ মুনাফা লাভ কৰিছে প্রযুক্তি এপলে। দক্ষিণ কোৰিয়াৰ এই সংস্থাটোৱে চলিত বছৰৰ প্রথম তিনি মাহত বিগত তিনি বছৰৰ ভিতৰত সর্বোচ্চ মুনাফা আদায় কৰিছে। বিগত প্রায় ডেৰ বছৰ ধৰি বিশ্বব্যাপী সাধাৰণ মানুহৰ জীৱনযাত্রা প্রযুক্তি নির্ভৰ হৈ পৰিছে। অফিচৰ কাম, কিনা-বেচা, শিক্ষা কার্যক্রমৰ পৰা আৰম্ভ কৰি।বিনােদনলৈ সকলােখিনিৰ বাবেই প্রযুক্তিৰ আশ্রয় ল’বলগীয়া হৈছে। সকলােৱে। ফলস্বৰূপে।ব্যাপক হাৰত বিক্ৰী হৈছে এপলৰ ফোন, এপ আদিকে ধৰি অন্যান্য বহু ডিভাইচৰ। এপলে জনােৱা মতে, গ্রাহকসকলে সংস্থাটোৰ নতুন ফাইভ জি ফোনসমূহৰ আপগ্রেড অব্যাহত ৰাখিছে। তদুপৰি মেক কম্পিউটাৰ আৰু আইপেডৰ লগতে ফিটনেছ ডিভাইচ তথা মিউজিক এপসমূহৰ বিক্ৰী অভূতপূর্ব হাৰত বৃদ্ধি হৈছে। চলিত বছৰৰ প্ৰথমটো ত্রিমাসিকত এপলৰ আয় হৈছে ৮৯.৬ বিলিয়ন মার্কিন ডলাৰ, যি বিগত বছৰৰ একেছােৱা সময়ৰ তুলনাত ৫০ শতাংশ অধিক। আনহাতে, সময়ছােৱাত সংস্থাটোৰ লাভ হৈছে ২৩.৬ বিলিয়ন ডলাৰ।

এমেজন

মহামাৰীৰ তাণ্ডৱে সৰ্বসাধাৰণক দিশহাৰা কৰি।তুলিলেও তাৰ মাজতে স্বর্ণযুগ আৰম্ভ হৈছে প্রযুক্তি সংস্থাসমূহৰ। কৰ’নাৰ বাবেই অনলাইন স্বপিঙৰ প্ৰতি গ্রাহকৰ আকর্ষণ বাঢ়ি যােৱাৰ ফলত মার্কিন ই- বাণিজ্যিক সংস্থা এমেজনে ব্যাপক মুনাফা আদায় কৰিছে। চলিত বছৰৰ প্ৰথমটো ত্রিমাসিক অর্থাৎ জানুৱাৰীৰ পৰা মার্চ পর্যন্ত এমেজনৰ আয় হৈছে প্রায় ১০৮.৫ বিলিয়ন মার্কিন ডলাৰ। এই পৰিমাণ বিগত বছৰৰ একেছােৱা সময়ৰ তুলনাত প্রায় তিনিগুণ অধিক হােৱা বুলি জানিবলৈ দিছে সংস্থাটোৱে। ২০২০ৰ জানুৱাৰী- মার্চত সংস্থাটোৰ আয় আছিল ৭৫ বিলিয়ন মার্কিন ডলাৰ। অনলাইন ব্যৱসায়ৰ উপৰি এমেজনৰ এনে ব্যাপক মুনাফাৰ আঁৰত আছে। সংস্থাটোৰ ষ্ট্রীমিং সেৱা, প্রাইম ভিডিঅ’ আৰু এডব্লিউএছৰ ক্রমবর্ধমান জনপ্রিয়তা।

ছেমছু‍্য‍‌ং

চলিত বছৰৰ প্রথম তিনি মাহত ছেমছুঙৰ মুনাফা বিগত বছৰৰ তুলনাত বাঢ়িছে প্রায় ৪৬.৩ শতাংশ। কৰ’না কালত সংস্থাটোৰ টেলিভিছন ছেট আৰু অন্যান্য হােম এপ্লায়েন্স বিক্রী লক্ষ্যণীয় হাৰত বৃদ্ধি পাইছে। সংস্থাৰ তৰফৰ পৰা এক প্রতিবেদনযােগে প্রকাশ কৰা মতে,স্মার্টফোন আৰু কনজিউমাৰ ইলেক্ট্রনিক্সৰ ব্যাপক বিক্ৰীৰ বাবেও আশা কৰাতকৈ বেছি লাভ আহৰণ কৰিব পৰা গৈছে।

ফেচবুক

তলাবন্ধৰ দৰে কঠোৰ নিয়মে বিগত ডেটা বছৰত ছ’চিয়েল মিডিয়া প্লেটফর্মসমূহক বাৰুকৈয়ে লাভান্বিত কৰা দেখিবলৈ পােৱা গৈছে। এনে।সংস্থাসমূহৰ ভিতৰত সর্বাধিক লাভান্বিত হৈছে ফেচবুক। কৰ’না কালত মাহিলি সক্রিয় ব্যৱহাৰকাৰীৰ সংখ্যা প্রায় ১০ শতাংশ বৃদ্ধি হৈ ২.৮৮ বিলিয়নৰ সীমা পাৰ কৰা বুলি ইয়াৰ এক প্রতিবেদন প্রকাশ পাইছে।মূলতঃ সক্রিয় উপভােক্তাৰ সংখ্যা বৃদ্ধি আৰু ৰমৰ্মীয়া বিজ্ঞাপন ব্যৱসায়ৰ বাবেই কৰ’নাৰ প্রতিকূলতাৰ মাজতাে প্রচুৰ মুনাফা ঘটিছে সংস্থাটোৱে।

Exit mobile version