কৰ’নাৰ ফলত বৃদ্ধি পাইছে বুকুৰ বিষ-শ্বাসকষ্টৰ সমস্যা : ৰােগী হওক সাৱধান

30 coronavirus 660 9

ভাৰতত কৰ’নাৰ সংক্ৰমণৰ দ্বিতীয়টো ঢৌত প্রতিদিনে ক’ভিড আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে। একাংশ ৰােগীৰ ক্ষেত্ৰত কম সময়তে শাৰীৰিক অৱস্থাৰ অৱনতি ঘটা প্রত্যক্ষ হৈছে ।

চিকিৎসক-গৱেষকসকলে পৰামৰ্শ আগবঢ়াই কৈছে যে কৰ’না ৰােগীয়ে কোনাে সমস্যা অনুভৱ কৰিলে তাক আওকাণ কৰা অনুচিত। বিশেষকৈ এইবাৰৰ সংক্ৰমণত ৰােগীৰ মাজত বুকুৰ বিষ আৰু শ্বাসকষ্টৰ সমস্যা সর্বাধিক প্রত্যক্ষ হৈছে।

এনে সমস্যাত ভুগিলে ৰােগী সাৱধান হােৱা আৰু চিকিৎসকৰ পৰামর্শ লােৱাটো জৰুৰী। সৰহসংখ্যক কৰ’না আক্রান্তৰ ক্ষেত্ৰত জ্বৰ, ফ্লু হােৱা দেখা যায়।

৪০ শতাংশ কৰ’না আক্রান্তৰ মাজত শ্বাসকষ্টৰ সমস্যাই দেখা দিয়ে। যদিহে ৰােগীৰ শৰীৰত অক্সিজেনৰ পৰিমাণ ৯৪ শতাংশতকৈ হাস পায় তেন্তে লগে লগে চিকিৎসকৰ স’তে যােগাযােগ কৰা জৰুৰী।

একাংশ ৰােগীৰ ক্ষেত্ৰত ৰক্ত সংক্রমণৰ সমস্যায়ে দেখা দিছে। কৰ’না আক্রান্ত হৃদৰােগীসকলে চিকিৎসক পৰামর্শ লােৱা প্রয়ােজন। হাওঁফাওঁৰ কোনাে ৰােগ থকা ব্যক্তিয়েও ক’ভিডত সংক্রমিত হলে চিকিৎসকৰ স’তে যােগাযােগ কৰা উচিত।

ক’ভিডত আক্রান্ত হলে ৰােগীৰ নিম’নিয়া হ’ব পাৰে।শুকান কাহ হলেও আক্রান্ত ব্যক্তি সাৱধান থকা জৰুৰী। চিকিৎসকৰ পৰামর্শত ভাল কফচিৰাপ গ্ৰহণ কৰা উচিত। বুকুত বিষ অনুভৱ কৰিলে ততালিকে চিকিৎসকৰে যােগাযােগ কৰক। বুকুৰ বেদনাৰ কাৰণ হৃদৰােগ বা হাওঁফাওঁৰ সংক্রমণ হ’ব পাৰে।

Exit mobile version