আধাৰ সংশােধনৰ বাবে আপােনাৰ কৰণীয়..

Aadhar Card

কৰ’না ভেকচিনৰ পৰা আৰম্ভ কৰি ৰেছনৰ সামগ্রী পাবলৈ, সকলাে কামতে আজিকালি আধাৰ কাৰ্ডৰ বহুল প্রচলন দেখা গৈছে। আধাৰ কাৰ্ড অবিহনে সম্প্রতি বেছিভাগ জৰুৰী কামেই সম্পূর্ণ নহয়।

আজিৰ তাৰিখত আধাৰৰ গুৰুত্ব অপৰিসীম। বেংক, টেলিকম সংস্থা, ৰেছন ব্যৱস্থা, আয়কৰ সহ বিভিন্ন ক্ষেত্ৰত পৰিচয়ৰ প্রমাণ হিচাপে আধাৰৰ ব্যৱহাৰ বহুল প্রচলিত।

আধাৰ হৈছে ১২টা সংখ্যাযুক্ত এক বিশেষ নম্বৰ। আধাৰ কর্তৃপক্ষ বা ইউ আই ডি এ আয়ে এই নম্বৰ প্ৰদান কৰে প্ৰতিজন ভাৰতীয়ক।

দেশৰ প্ৰতিজন বেংক উপভােক্তাৰ একাউণ্টৰ স’তে এই ১২টা সংখ্যাযুক্ত আধাৰ নম্বৰ সংযােগ কৰাটো বাধ্যতামূলক বুলি ঘােষণা কৰি এই কাম সুচাৰুৰূপে চলাই নিবলৈ দেশৰ বেংকসমূহক ইতিমধ্যে নির্দেশ দিছে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাণে।

বিশেষকৈ পৰিচয় আৰু ঠিকনাৰ প্রমাণপত্র হিচাপে যিহেতু ইয়াৰ ব্যৱহাৰ আৰু গুৰুত্ব ক্রমশঃ বাঢ়িব লাগিছে এনে স্থলত আধাৰ আপ টু ডেট কৰা বা আধাৰ কাৰ্ডত ৰৈ যােৱা বিভিন্ন ভুল ভ্রান্তিৰ সংশােধনৰ বাবে দৌৰাদোৰি এতিয়া স্বাভাৱিকতে বৃদ্ধি পাইছে উপভােক্তাৰ মাজত।

বিভিন্ন কাৰণত বহু ব্যক্তিৰ আধাৰ কাৰ্ডত নাম ভুলকৈ অহা দেখা যায়। যাৰ বাবে নানা সমস্যাৰাে সম্মুখীন হ’বলগীয়া হয় তেনে লােক। অৱশ্যে ইয়াক লৈ উদ্বিগ্ন হােৱাৰ কোনাে প্রয়ােজন নাই।

কাৰণ খুব সহজতে আধাৰ কাৰ্ডত নামৰ ক্ষেত্ৰত হােৱা ভুল সংশােধন কৰি ল’ব পৰা যায় আজিকালি। ইয়াৰ বাবে সংশ্লিষ্ট ব্যক্তিজনে নিকটৱর্তী আধাৰ এনৰােলমেন্ট কেন্দ্ৰলৈ গ’লেই হল। নাম আপডেট কৰাৰ বাবে একোজন ব্যক্তিৰ খৰচো তেনেই নামমাত্র খৰচ হয় গড়ে মাত্র ২৫-৩০ টকা।

ৰাজ্য আৰু আধাৰ কেন্দ্র ভেদে এনে খৰচৰ পৰিমাণত অৱশ্যে কেতিয়াবা পার্থক্য থকা দেখা যায়। ইউ আই ডি এ আইৰ দ্বাৰা ধার্য কৰা নিয়ম অনুসৰি, আধাৰ কাৰ্ডত নাম পৰিৱৰ্তন বা সংশােধন কৰাৰ বাবে এক নির্দিষ্ট প্ৰ-পত্র আছে।

উক্ত প্ৰ-পত্র সঠিকভাৱে পূৰণ কৰি তাৰ লগত প্রয়ােজনীয় নথিপত্র আধাৰ কেন্দ্ৰত জমা দিব লাগে। উল্লেখনীয় যে আধাৰৰ নতুন আবেদন বা সংশােধনৰ বাবে পৰিচয়ৰ প্ৰমাণ হিচাপে সংশ্লিষ্ট ব্যক্তিয়ে বৈধ বুলি গণ্য হােৱা মুঠ ৩১খন নথিৰ যিকোনাে এখন উপস্থাপন কৰিলেই হয়।

এই নথিসমূহ ক্রমে -পাছপাের্ট, পেন কার্ড, ৰেছন কার্ড, ভােটাৰ কার্ড, ড্রাইভিং লাইচেঞ্চ, চৰকাৰী ফটো আই ডি কার্ড/পি এছ ইউৰ দ্বাৰা লােৱা ছাৰ্ভিচ ফটো আই ডি কার্ড, এন আৰ ই জি এছ জব কার্ড, স্বীকৃতিপ্রাপ্ত শিক্ষা প্রতিষ্ঠানে প্রদান কৰা ফটো আই ডি কার্ড, বন্দুকৰ লাইচেঞ্চ, গ্রাহকৰ ফটো সম্বলিত বেংক এটিএম কার্ড, গ্রাহকৰ ফটো সম্বলিত ক্রেডিট কার্ড, পেঞ্চন কার্ড, মুক্তিযােদ্ধা, কিষাণ পাছবুক, চিজিএইছএছ/ইচিএইচএছ কার্ড, ডাক বিভাগৰ দ্বাৰা প্রাপ্ত গ্রাহকৰ ফটো সম্বলিত ঠিকনা কার্ড, ৰাজপত্ৰিত বিষয়া আৰু মহকুমাধিপতিয়ে প্ৰদান কৰা গ্ৰাহকৰ ফটো সম্বলিত প্রমাণপত্র, প্রতিবন্ধী আই ডি কার্ড বা প্রতিবন্ধী মেডিকেল চার্টিফিকেট, ৰাজস্থান চৰকাৰে দিয়া জন-আধাৰ কার্ড, অনাথ আশ্রম ইত্যাদিৰ প্ৰধানে দিয়া ফটো সম্বলিত পৰিচয় প্রমাণপত্র, সাংসদ, বিধায়ক বা পৌৰসভাৰ কাউন্সিলাৰে প্ৰদান কৰা ফটো সম্বলিত প্রমাণপত্র,পঞ্চায়তৰ প্ৰধান বা সম পদমর্যাদাৰ বিষয়াই প্ৰদান কৰা ফটো সম্বলিত প্রমাণপত্র।

সাংসদ, বিধায়ক বা পৌৰসভাৰ কাউন্সিলাৰে প্রদান কৰা ফটো সম্বলিত প্রমাণপত্র, পঞ্চায়তৰ প্ৰধান বা সম পদমর্যাদাৰ বিষয়াই প্ৰদান কৰা ফটো সম্বলিত প্রমাণপত্র। নাম পৰিৱৰ্তনৰ গেজেটেড নটিফিকেচ্ছন, ফট সম্বলিত বিবাহৰ প্রমাণপত্র, আৰ এছ বি ৱাই কার্ড, প্রার্থীৰ ফটো সম্বলিত এছ এছ এল চি প্রমাণপত্র এছ টি/ এছ বি/অবিচি প্রার্থীৰ ফটো সম্বলিত প্রমাণপত্র, নাম আৰু ফটোসহ স্কুলৰ পৰা দিয়া স্থানান্তৰৰ প্রমাণপত্র, স্কুলৰ ৰেকৰ্ডৰ ভিত্তিত স্কুলৰ প্ৰধান শিক্ষক বা ভাৰপ্ৰাপ্ত শিক্ষকৰ স্বাক্ষৰিত পৰিচয় প্রমাণপত্র, নাম আৰু ফটোসহ বেংকৰ পাছবুক আৰু গ্রামাঞ্চলৰ স্বীকৃতিপ্রাপ্ত শিক্ষা প্রতিষ্ঠান প্রধানে দিয়া পৰিচয়ৰ প্রমাণপত্র।

Exit mobile version