কৰ’না ভাইৰাছৰ অতি সংক্ৰামক ভাৰতীয় প্ৰজাতি বিয়পি পৰিছে বিশ্বৰ ৪৪ খন দেশত, জনালে হু-এ

coronavirus test 1606815937 1

ভাৰতত দ্বিতীয় ঢৌৰ ৰূপ ধাৰণ কৰা কৰ’না ভাইৰাছৰ প্ৰজাতি সম্প্ৰতি বিশ্বৰ ৪৪ খন দেশত বিয়পি পৰিছে বুলি জনায় বিশ্ব স্বাস্থ্য সংস্থা (হু)ই । বিগত বৰ্ষৰ অক্টোবৰত ভাৰতত প্ৰথমবাৰ বি১৬১৭ প্ৰজাতিৰ ভাইৰাছৰ সন্ধান লাভ কৰিছিল । কিন্তু এই পৰ্যন্ত বিজ্ঞানীসকলে বিশ্বৰ ৪৪ খন দেশত এই প্ৰজাতিৰ ভাইৰাছৰ সন্ধান পাইছে বুলি জনায় হু-এ ।

চলিত সপ্তাহতে হু-এ বি১৬১৭ প্ৰজাতিক ‘উদ্বেগজনক’ বুলি অভিহিত কৰিছিল । ভাৰতৰ পাছতে এই ভাইৰাছৰ প্ৰভাৱত আটাইতকৈ বেছি সংক্ৰমিত ব্ৰিটেইন । অন্য প্ৰজাতিৰ তুলনাত কৰ’নাৰ এই প্ৰজাতিৰ অধিক দ্ৰুত গতিত সংক্ৰমণ হয় বুলি সতৰ্ক‌ও কৰিছিল হু-এ ।

হু-এ এক বিবৃতিৰ জৰিয়তে জনায় যে, ‘গৱেষণাত হু-এ প্ৰত্যক্ষ্য কৰিছে যে, ভাৰতত দ্ৰুত গতিত সংক্ৰমণ হোৱাৰ অন্যতম কাৰণ ভাইৰাছৰ এই নতুন প্ৰজাতি ক্ষমতা । এই প্ৰজাতি অধিক দ্ৰুত গতিত ভাইৰাছ বিয়পাবলৈ সক্ষম । কৰ’নাৰ প্ৰতিষেধককৰ ফলত যি এণ্টিব’ডীৰ সৃষ্টি হয়, সেই এণ্টিব’ডীয়েও ইয়াক প্ৰতিৰোধ কৰিবলৈ ব্যৰ্থ হয় । ফলত প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছতো বহু লোক কৰ’নাত আক্ৰান্ত হৈছে ।’

এই ভাইৰাছৰ সন্ধান পোৱা দেশসমূহকো সতৰ্কবাণী দিছে বিশ্ব স্বাস্থ্য সংস্থাই । হু-এ জনায়, ‘পোন প্ৰথমবাৰ এই প্ৰজাতি ভাৰতত পোৱা গৈছিল । ইতিমধ্যে ৪৪ খন দেশত এই প্ৰজাতিৰ সন্ধান পোৱা গৈছে । ইয়াৰ দ্বাৰা বুজা যায় যে, দ্ৰুতগতিত সংক্ৰমণ হৈছে । সম্প্ৰতি প্ৰজাতিটোৰ সংক্ৰমণ হ্ৰাস কৰায় আটাইতকৈ গুৰুত্বপূৰ্ণ । ইয়াৰ বাবে প্ৰতিখন দেশেই পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব । অন্যথা এই ভাইৰাছ আৰু অধিক দেশলৈ বিয়পি পৰিব পাৰে ।’ অন্য দেশলৈও ভাইৰাছবিধ সংক্ৰমিত হ’লে ইয়াক নিয়ন্ত্ৰণ কৰা কঠিন হৈ পৰিব বুলি শংকা প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে ।

Exit mobile version