অসমবাসীৰ বাবে সুখবৰ, ব্ৰিটেইনৰ পৰা কাজলগাঁৱত আহি পালে তিনিটা অক্সিজেন জেনেৰেটৰ

WhatsApp Image 2021 05 13 at 5.41.06 PM

ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজ দিবৰ বাবে ব্ৰিটিছ চৰকাৰে ভাৰতলৈ তিনিটাকৈ অক্সিজেন জেনেৰেটৰ দান কৰিছে । দুটা অক্সিজেন জেনেৰেটৰ ভাৰতৰ ৰাজস্থানত স্থাপন কৰা হ’ব আৰু এটা অসমৰ চিৰাং জিলাৰ কাজলগাঁৱৰ জেএছবি অসামৰিক চিকিৎসালয়ত প্ৰাংগনত স্থাপন কৰা হ’ব।

ইতিমধ্যে নিশা চিৰাঙৰ জেএছবি অসামৰিক চিকিৎসালয়ত আহি পালে অক্সিজেন জেনেৰেটৰ। এই অক্সিজেন জেনেৰেটৰৰ দ্বাৰা প্ৰতি মিনিটত পাঁচশ লিটাৰ অক্সিজেন উৎপাদন হ’ব বুলি জানিব পৰা গৈছে । সমগ্র ভাৰত বৰ্ষতে অক্সিজেনৰ নাটনি হোৱা সময়তে অসমবাসীৰ বাবে এইটো এটা ভাল খবৰ ।

১৮ টন ওজনৰ এই জেনেৰেটৰৰ স’তে এহেজাৰ ভেন্টিলেটৰো প্ৰদান কৰিছে । এফচিডিঅ’ই আৰ্থিক সহযোগ কৰা ইংলেণ্ডৰ বেলফাষ্ট আয়াৰলেণ্ডৰ পৰা বিশ্বৰ আটাইতকৈ বৃহৎ সামগ্ৰী কঢ়িওৱা এয়াৰক্ৰাফ্ট এন্টোনোভ ১২৪ ৰে পোনে পোনে নতুন দিল্লীলৈ আহিছিল দেওবাৰে । ইয়াৰ পাছতে দল্লীৰ পৰা কালি বুধবাৰে ৰে’লেৰে আহি পায় গুৱাহাটীৰ চাংসাৰীত ।

ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ নিৰ্দেশ অনুসৰি, এনডিআৰএফৰ কটকটীয়া নিৰাপত্তাৰ মাজত মাজনিশা আহি পায় চিৰাঙৰ কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ত।

Exit mobile version