ভাৰতত বৰ্ধিত ক’ভিড সংক্ৰমণৰ বাবে ৰাজনৈতিক আৰু ধৰ্মীয় সমাৱেশকে দোষাৰোপ কৰিলে বিশ্ব স্বাস্থ্য সংস্থা (হু)এ । সংস্থাৰ দ্বাৰা প্ৰকাশিত কৰ’না বিষয়ক সাপ্তাহিক প্ৰতিবেদনত কোৱা হয়, ‘ভাৰতৰ ক’ভিড-১৯ সংক্ৰমণৰ দ্বিতীয় ঢৌত ৰাজনৈতিক জনসভা আৰু ধৰ্মীয় সমাৱেশৰ বৃহৎ ভূমিকা আছে ।’
হু-ৰ প্ৰতিবেদন অনুসৰি, ২০২০ৰ অক্টোবৰত প্ৰথমবাৰ ভাৰতত কৰ’না ভাইৰাছৰ বি১৬১৭ প্ৰজাতিৰ সন্ধান লাভ কৰে । ইয়াৰ পাছতেই দ্ৰুত গতিত সংক্ৰমণ বিয়পি পৰে । দুবাৰ জিনগত চৰিত্ৰ পৰিৱৰ্তন কৰাৰ বাবে বি১৬১৭ ভাইৰাছবিধক ‘ডাবল মিউটেন্ট’ হিচাপে চিহ্নিত কৰিছে হু-এ । ইয়াৰ সংক্ৰমণ ক্ষমতা অন্য প্ৰজাতিৰ তুলনাত বেছি ।
সংস্থাৰ সাপ্তাহিক প্ৰতিবেদনত কোৱা হয়, ৰাজনৈতিক কাৰ্যসূচী আৰু ধৰ্মীয় অনুষ্ঠানত সামাজিক দূৰত্ব বিধি পালন নকৰাৰ বাবেই সংক্ৰমণ দ্ৰুত হাৰত বৃদ্ধি পাইছে ।
ইয়াৰ পূৰ্বে চিকিৎসা বিষয়ক পত্ৰিকা লেনছেটেও ৰাজনৈতিক আৰু ধৰ্মীয় সমাৱেশৰ বাবেই ভাৰতত ভয়াবহ কৰ’না পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি দাবী জনাইছিল । সেই প্ৰতিবেদনত মোদী চৰকাৰক সমালোচনাও কৰা হয় ।