আমেৰিকাবাসীয়ে সম্পূৰ্ণ প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছত মাস্ক পৰিধান নকৰিলেও হ’ব, টুইট কৰিলে বাইডেনে

Joe Biden presidential portrait

আমেৰিকাত সকলোৱে মাস্ক পৰিধান কৰা বাধ্যতামূলক নহয় । বৃহস্পতিবাৰে ভাৰতীয় সময় নিশা ১:৪৫ বজাত টুইট কৰি জনালে ৰাষ্ট্ৰপতি জ’ বাইডেনে । তেওঁ টুইটাৰত আমেৰিকাৰ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ’ল এণ্ড প্ৰিভেনছন (চিডিচি)ৰ কথা উল্লেখ কৰি এই বাৰ্তা প্ৰেৰণ কৰে ।

টুইটাৰত বাইডেনে লিখে, ‘ক’ভিড-১৯ৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া যুদ্ধৰ পাছত আজি আমেৰিকাৰ বাবে ভাল দিন । কিছু সময়ৰ পূৰ্বে চিডিচি-য়ে জনাইছে যে, সম্পূৰ্ণ প্ৰতিষেধক গ্ৰহণ কৰাসকলৰ বাবে মাস্ক পৰিধান কৰা বাধ্যতামূলক নহয় ।’

চিডিচি-ৰ প্ৰতিবেদন আৰু বাইডেনৰ মন্তব্য‌ই সম্প্ৰতি উদ্বেগৰ সৃষ্টি কৰিছে । ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিব পাৰে বুলি মত পোষণ কৰে বহুলোকে ।

বাইডেনৰ টুইটৰ প্ৰত্যুত্তৰত এজনে লিখে, ‘ইয়াৰ ফলত কোনো প্ৰতিষেধক গ্ৰহণ নকৰা লোকে যদি মাস্ক পৰিধান নকৰাকৈ বাহিৰত ওলাই, অধিক সংক্ৰমণ বদ্ধি পোৱাৰ সম্ভাৱনা আছে ।’

আন এজনে কয়, ‘এই পৰ্যন্ত আমেৰিকাৰ মাত্ৰ ৩৫ শতাংশ লোকে প্ৰতিষেধক লাভ কৰিছে ।’ সেয়ে এনে পৰিস্থিতিত তেওঁ চিডিচি-ৰ ক্ষতিকাৰক দিশটোৰ প্ৰতিয়ে অধিক গুৰুত্ব আৰোপ কৰিছে ।

Exit mobile version