উত্তৰ প্ৰদেশত পিতৃ-মাতৃয়ে গাড়ী কিনিবৰ বাবে ডেৰ লাখ টকাত বিক্ৰী কৰিলে নিজ সন্তানক

4

নতুন গাড়ী ক্ৰয় কৰিবৰ বাবে সদ্যোজাত কেঁচুৱাক বিক্ৰী কৰিলে পিতৃ-মাতৃয়ে । এই ঘটনা সংঘটিত হয় উত্তৰ প্ৰদেশৰ কনৌজত ।

বৃহস্পতিবাৰে শিশুটিৰ ককা-আইতাই তিৰৱা থানাত অভিযোগ দাখিল কৰে । তেওঁলোকে অভিযোগ কৰে যে, তেওঁলোকৰ পুত্ৰী-জোঁৱাইয়ে মাত্ৰ ডেৰ লাখ টকাৰ বিনিময়ত নিজ সন্তানক বিক্ৰী কৰিছে । সেই ধনেৰে তেওঁলোকে এখন ছেকেণ্ডহেণ্ড গাড়ী ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে ।

আৰক্ষীয়ে জনায়, আৰক্ষীয়ে ইতিমধ্যে এই বিষয়ত বিস্তৃত অভিযোগ লাভ কৰিছে । শিশুটি কাক বিক্ৰী কৰা হৈছে সেই তথ্য‌ও লাভ কৰিছে আৰক্ষীয়ে । এই পৰ্যন্ত শিশুটি ক্ৰেতাৰ কাষতেই আছে ।

শুকুৰবাৰে অভিভাৱকৰ সুধ-পোছ কৰিব আৰক্ষীয়ে । শিশুটিক বিক্ৰী কৰা বুলি প্ৰমাণিত হ’লে তেওঁলোকক উচিত শাস্তি বিহাৰ লগতে নিজ পৰিয়ালৰ হাততে গোটোৱা হ’ব বুলি জনায় আৰক্ষীয়ে ।

Exit mobile version