মূল্য বৃদ্ধি কৰি ভাৰতত নিম্নমানৰ অক্সিজেন কনছেনট্ৰেটৰ পঠোৱাৰ অভিযোগ চীনৰ বিৰুদ্ধে

বিশ্বৰ অন্যান্য দেশসমূহে কৰ’নাৰ বিৰুদ্ধে একজোট হৈ যুঁজ দিয়াৰ সময়ত, চীনে এনে পৰিস্থিতিতো লাভ অৰ্জনৰ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপিত হৈছে । চাহিদা বঢ়াৰ লগে লগে চীনে বিভিন্ন চিকিৎসা সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিছে । ইয়াৰোপৰি ক’ভিড চিকিৎসাৰ বাবে প্ৰয়োজনীয় সৰঞ্জামসমূহো চীনে নিম্নমানৰ প্ৰেৰণ কৰিছে বুলি অভিযোগ কৰা হৈছে ।

তেওঁলোকে অক্সিজেন কনছেনট্ৰেটৰ প্ৰস্তুত কৰিবলৈ ব্যৱহৃত নিৰ্দিষ্ট উপাদানসমূহত পৰিৱৰ্তন আনিছে । মেচিনৰ গুণমানত আপোচ কৰিছে বুলিও অভিযোগ । যিয়ে ভাৰতৰ চিকিৎসা সেৱাত বিপৰ্যয় মাতি আনিব পাৰে বুলি মত প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে ।

পাঁচ লিটাৰ আৰু ১০ লিটাৰৰ অক্সিজেন কনছেনট্ৰেটৰৰ মূল্য কোম্পানী অনুযায়ী ভিন্ন । বিগত সপ্তাহতে কনছেনট্ৰেটৰৰ মূল্য বৃদ্ধি কৰিছে কোম্পানীসমূহে । বেইজিঙে দাবী কৰে যে, তেওঁলোকে মানৱীয়তাৰ বাবে সকলো প্ৰচেষ্টা কৰিছে । কিন্তু ৩০ এপ্ৰিলত থকা সামগ্ৰীৰ মূল্য ১২ মে’ত নাই । কোনো কোনো ক্ষেত্ৰত এশ ডলাৰতকৈও অধিক মূল্য বৃদ্ধি কৰা হৈছে ।

কৰ’না পৰিস্থিতিত বিভিন্ন বেচৰকাৰী সংস্থাই কেন্দ্ৰক সহায় কৰিছে । সেই সংস্থাসমূহে চিকিৎসা সৰঞ্জাম চীনৰ পৰাই ক্ৰয় কৰিছে । আমেৰিকাই ভাৰত ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ ফ’ৰাম ক’ভিড পৰিত্ৰাণ সহয়তাৰ অংশ হিচাপে ভাৰতত এক লাখ অক্সিজেন কনছেনট্ৰেটৰ প্ৰেৰণ কৰিব বুলি জনাইছে । যাৰ অধিক সংখ্যক সৰঞ্জামেই চীনৰ পৰা ক্ৰয় কৰা হৈছে ।

পৰিত্ৰাণৰ সৰঞ্জামটো চীনে কোনো ৰেহাই দিয়া নাই । এজন ব্যৱসায়ীয়ে জনায়, সীমিত সৰবৰাহৰ বাবে মূল্য বৃদ্ধি হৈছে । পৰিস্থিতিৰ বাবে বহু ক্ৰেতাই অধিক মূল্যৰ প্ৰস্তাৱ দিছে । কেঁচা পণ্য‌ সৰবৰাহকাৰী সংস্থাবোৰে অধিক আয় কৰিছে ।

Exit mobile version