সেনা শাসক বিৰুদ্ধে হাতত অস্ত্র তুলি ল’লে ম্যানমাৰৰ এই সুন্দৰীয়ে

Myanmar beauty queen twitter

সুন্দৰীৰ হাতত আগ্নেয়াস্ত্র। দেশৰ দুর্দিনত গ্লেমাৰৰ জগতক বিদায় জনাই গভীৰ অৰণ্যত এইদৰে হাতত অস্ত্র লৈ বিচৰণ কৰিছে এগৰাকী সুন্দৰীয়ে।

তেওঁৰ নাম টাৰ টেট টেট, তেওঁ ম্যানমাৰৰ এগৰাকী ‘বিউটী কুইন’। সম্প্রতি নিজৰ টুইটাৰ হেণ্ডেলত হাতত বন্দুক লৈ নিজৰ এখন ফটো পষ্ট কৰিছিল ৩২ বছৰীয়া টাৰে।

নিজৰ ফেচবুক প্রফাইলতাে সুন্দৰীগৰাকীয়ে একে ফটো শ্বেয়াৰ কৰি কৈছে, যুঁজ কৰাৰ সময় উপস্থিত হৈছে। আপােনালােকে হাতত অস্ত্র, কলম, কী-ব’র্ড বা ধন, যিয়েই নলওক কিয় ইয়াৰ জৰিয়তে দেশত গণতন্ত্র ওভতাই আনিবলৈ যুঁজত যােগদান কৰক।

সকলােৱে সহযােগিতা আগবঢ়ালে এই বিপ্লৱ সফল হ’ব। উল্লেখ্য যে ২০১৩ত থাইণ্ডেত অনুষ্ঠিত হােৱা মিছ গ্রাণ্ড ইণ্টাৰনেচনেল সৌন্দর্য প্রতিযােগিতাত ৬০ প্রতিযােগীক পৰাভূত কৰি ‘বিউটী কুইন’ৰ খিতাপ লাভ কৰিছিল ম্যানমাৰৰ এইগৰাকী সুন্দৰীয়ে।

দেশৰ সামৰিক শাসকৰ বিৰুদ্ধে সশস্ত্র যুঁজত অৱতীৰ্ণ হ’বলৈ টাৰে এটা বিদ্রোহী সংগঠনত যােগদান কৰিছিল। যােৱা পহিলা ফেব্ৰুৱাৰীত অভ্যুত্থান ঘটাই ম্যানমাৰৰ ক্ষমতা সেনাই দখল কৰিছিল।

ম্যানমাৰক সেনাৰ শাসনৰ পৰা মুক্ত কৰিবলৈ সংকল্পবদ্ধ হৈ এইদৰে টাৰে হাতত তুলি ল’লে অস্ত্র। সামৰিক জুন্টাৰ বিৰুদ্ধে গজি উঠা টাৰে ম্যানমাৰবাসীক একগােট হৈ দেশত পুনৰ গণতন্ত্র প্রতিষ্ঠাৰ উদ্দেশ্যৰে ব্যাপক বিক্ষোভত অংশ ল’বলৈ আহ্বান জনাইছে।

Exit mobile version