ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ফকিৰাগ্ৰাৰ সকলো ঠাইত চৰকাৰৰ নিয়ম অনুসৰি সান্ধ্য আইনক সহাৰি জনাইছে ৰাইজে

WhatsApp Image 2021 05 16 at 3.14.40 PM

ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ। কৰ’না মহামাৰীৰ পৰা ৰাজ্যবাসীক পৰিত্ৰাণ পাবলৈ ৰাজ্য চৰকাৰেও তৎপৰ হোৱা পৰিলক্ষিত হৈছে । ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে আজিৰে পৰা ঘোষণা কৰিছে নতুন SOP ।

এই SOP মানি কোকৰাঝাৰ জিলাৰ সদৰ চহৰৰ লগতে ফকিৰাগ্ৰাম , শক্তিআশ্ৰম, দোতমা, সেৰফানগুৰী চিথিলাৰ দৰে সকলো ঠাইত ১১ বজাৰ লগে লগে দেখা গ’ল ব্যৱসায়ী সকলে দোকান-পোহাৰ বন্ধ কৰাৰ দৃশ্য

ঠিক তেনেদৰে গোসাইগাঁৱৰ মহকুমাৰ সকলো ব্যৱসায়ীয়ে ক’ভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি আজিৰে পৰা চৰকাৰী SOP ৰ প্ৰতি সঁহাৰি জনাই সকলো সঁজাগ আৰু সচেতন হোৱা পৰিলক্ষিত হৈছে।

নতুন SOP অনুসৰি ১২ বজাৰ পৰা বলবৎ হোৱা নৈশ সান্ধ্য আইনৰ সময়তো সম্পূৰ্ণ স্তব্ধ হৈছে গ্ৰাম্য অঞ্চল সমুহো ।

Exit mobile version