কৰ’নাৰ সংক্রমণ হ্রাস কৰাৰ উদ্দেশ্যে বিভিন্ন ৰাজ্যত ইতিমধ্যে তলাবন্ধ দিয়া হৈছে। সাধাৰণ জনতাৰ জীৱন-যাপন একপ্রকাৰ অৱদ্ধ হৈ পৰিছে।
দোকান-পােহাৰ, হাট-বজাৰ, পৰিবহণ ব্যৱস্থা, সকলােতে জাৰি কৰা হৈছে কঠোৰ নিষেধাজ্ঞা। কিন্তু বেংকৰ দৰে জৰুৰী সেৱাৰ বাবে ঘৰৰ বাহিৰলৈ ওলাবলগীয়া হােৱাত নানা আহুকালৰ সন্মুখীন হ’বলগীয়া হৈছে জনসাধাৰণ।
সেয়ে কৰ’না সংকটৰ এই সময় ডিজিটেল পেমেণ্টৰ ওপৰতে ভৰসা কৰিবলগীয়া হৈছে বহুতে। গ্রাহকৰ এনে সমস্যাৰ প্রতি লক্ষ্য ৰাখিয়েই এইবাৰ বেংক অৱ বৰােদাৰ তৰফৰ পৰা কেতবােৰ বিশেষ ম’বাইল নম্বৰ প্ৰৱৰ্তন কৰা হৈছে যাৰ মাধ্যমেদি গ্রাহকসকলে ঘৰত বহিয়েই কেৱল হােৱাটছএপ ব্যৱহাৰ কৰি লেনদেন সম্পর্কীয় বিভিন্ন সেৱা উপলব্ধ কৰিব পাৰিব।
বেংক অৱ বৰােদা কর্তৃপক্ষই জাৰি কৰা এই নম্বৰসমূহৰ সহায়ত উপভােক্তাই দিনৰ ২৪ ঘণ্টাই বিভিন্ন বেংকিং সেৱা উপভােগ কৰিব পাৰিব। প্রয়ােজন নাথাকিব টকা উলিয়াবলৈ এটিএম বা বেংকৰ শাখালৈ যােৱাৰাে ।
আনহাতে, আপুনি যদি ডেবিট কার্ড ব্লক কৰিবলৈ বিচাৰে নাইবা সুতৰ হাৰ সম্পর্কে কিবা তথ্য উপলব্ধ কৰিব খােজে তেতিয়াও এই হােৱাটছ এপ সেৱা ব্যৱহাৰ কৰিব পাৰে।ইয়াৰ বাবে আপুনি কেৱল আপােনাৰ ম’বাইলৰ কন্টেক্ট লিষ্টত বেংকটোৰ হােৱাটছএপ’ নম্বৰ (৮৪৩৩৮৮৮৭৭৭) ছেভ কৰিব লাগিব।
এই নম্বৰৰ মাধ্যমেদি বেংকৰ বেলেন্স পৰীক্ষা কৰা, শেষৰ পাঁচটা লেনদেন সম্পর্কীয় তথ্য লাভ কৰাৰ লগতে চেকবুক বাবে আবেদনাে কৰিব পৰা যাব। স্মর্তব্য, বেংক অৱ বৰােদাই শেহতীয়াকৈ বৰােদা এম কনেক্ট প্লাছ নামেৰে এটা এপাে মুকলি কৰিছে।
গ্রাহকে এই এপটোৰ মাধ্যমেদিও কে’বাটাও গুৰুত্বপূর্ণ সুবিধা ঘৰতে বহি ল’ব পাৰিব। ইয়াৰ জৰিয়তে দিনটোৰ ২৪ ঘণ্টাই বেংকিং সুবিধা উপলব্ধ কৰিব পাৰিব উপভােক্তাই।
উক্ত সুবিধাসমূহ উপলব্ধ কৰিবলৈ নিম্নোক্ত নম্বৰসমূহত যােগাযােগ কৰিব পাৰে গ্রাহকে।
★ বেংক একাউণ্টৰ বেলেন্স পৰীক্ষা কৰাৰ বাবে ৮৪৬৮০০১১১১
★ শেষৰ পাঁচটা লেনদেন সম্পর্কীয় তথ্য লাভ কৰাৰ বাবে
৮৪৬৮০০১১২২।
★ বেংকৰ হােৱাটছ এপ সেৱাসমূহৰ বাবে- ৮৪৩৩৮৮৮৭৭৭।
★ টোল ফ্রি নম্বৰ-১৮০০২৫৮৪৪৫৫/১৮০০১০২৪৫৫।