কৰ’নাৰ সংক্ৰমণৰ দ্বিতীয়টো ঢৌৱে দেশত ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পাছত ক’ভিড প্রতিষেধক অভাৱত কে’বাখনাে ৰাজ্যই টিকাকৰণ অভিযানত বাধাগ্রস্ত হৈছে ।
দেশত প্রতিষেধকৰ নাটনি হােৱাৰ পাছতাে চৰকাৰে বিদেশলৈ প্রতিষেধক ৰপ্তানি কৰাক লৈ তীব্র প্রতিক্রিয়া ব্যক্ত কৰি আহিছে বিৰােধী দলসমূহে ।
এনে পৰিস্থিতিতে অহা অক্টোবৰলৈকে কৰ’নাৰ প্রতিষেধক বৃহৎ পৰিমাণৰ বিদেশলৈ ৰপ্তানি নকৰাৰ সিদ্ধান্ত ল’লে কেন্দ্রীয় চৰকাৰে ।
চৰকাৰী সূত্রই মঙলবাৰে ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ আগত এই কথা প্রকাশ কৰি জনােৱা মতে, দেশত যাতে টিকাকৰণৰ বাবে প্রয়ােজনীয় প্রতিষেধকৰ অভাৱ নঘটে তাক নিশ্চিত কৰিবলৈ অক্টোবৰৰ শেষলৈকে আন দেশক বৃহৎ পৰিমাণৰ ক’ভিড প্রতিষেধক যােগান নধৰাৰ সিদ্ধান্ত চৰকাৰে লৈছে ।
বর্তমানলৈকে ভাৰতে ৬.৬ কোটি পালি ক’ভিড প্রতিষেধক বিদেশলৈ ৰপ্তানি কৰিছে । ভাৰতে প্রতিষেধক ৰপ্তানি বন্ধ ৰাখিলে বাংলাদেশ, নেপাল, শ্রীলংকা, আফ্রিকা টিকাকৰণত বাধাগ্রস্ত হােৱাৰ সম্ভাৱনা আছে ।