প্ৰতিষেধক নাই দিল্লীত, সেয়ে শনিবাৰৰ পৰা ১৮ বছৰ বয়সৰ ঊৰ্ধ্বৰ টিকাকৰণ কাৰ্যসূচী স্থগিত কৰাৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ।
আজি এক সংবাদ মেলত মুখ্যমন্ত্ৰী কেজৰিৱালে কয়, ‘শনিবাৰৰ পৰা ১৮ৰ ঊৰ্ধ্বৰসকলৰ টিকাকৰণ স্থগিত কৰা হৈছে । জমা প্ৰতিষেধক সমাপ্ত হৈছে । সেয়ে, প্ৰতিষেধক কেন্দ্ৰসমূহ বন্ধ কৰা হৈছে ।’ কিছু কেন্দ্ৰত থকা সামান্য সংখ্যক প্ৰতিষেধক আজি কামত লগোৱা হৈছে বুলি জনায় মুখ্যমন্ত্ৰীখৰাকীয়ে ।
তেওঁ লগতে জনায় যে, সমগ্ৰ দিল্লীবাসীৰ টিকাকৰণৰ বাবে ৮০ লাখ প্ৰতিষেধকৰ পালিৰ প্ৰয়োজন । ইয়াৰ পাছতেই তেওঁ কেন্দ্ৰক আবেদন জনায় যে, প্ৰতিষেধকৰ নাটনিৰ পৰা ৰাজ্যসমূহক স্বস্তি দিবৰ বাবে বিদেশৰ পৰা প্ৰতিষেধক ক্ৰয় কৰাৰ ব্যৱস্থা কৰক । তেওঁ কয়, ‘কেন্দ্ৰই বিদেশৰ পৰা ২৪ ঘণ্টাৰ ভিতৰত প্ৰতিষেধক ক্ৰয় কৰি ৰাজ্যসমূহক সৰবৰাহ কৰিব লাগে ।’
এনে বহু দেশ আছে যিয়ে প্ৰয়োজনতকৈ অতিৰিক্ত প্ৰতিষেধক সঞ্চয় কৰি ৰাখিছে । অতিৰিক্ত প্ৰতিষেধক ভাৰতক প্ৰদান কৰিবলৈ কেন্দ্ৰক সেই দেশসমূহক আবেদন জনোৱাৰ পৰামৰ্শ দিয়ে মুখ্যমন্ত্ৰী কেজৰিৱালে । বৈদেশিক সংস্থাবোৰক ভাৰতত প্ৰতিষেধক প্ৰস্তুত কৰিবৰ বাবে অনুমোদন দিয়া প্ৰয়োজন বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।