মানুহ মানুহৰ বাবে । চিৰাঙত আজি তাকেই প্ৰমাণ কৰিলে আৰক্ষীৰ লোকে । চিৰাং জিলা আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ে জনায় যে, চিৰাঙৰ ঢালিগাঁও থানাৰ অন্তৰ্গত ছাতিপুৰ গাঁৱৰ এজন লোক অসুস্থ । অসুস্থ দৰিদ্ৰ লোক জনৰ নাম ছাদ্দাম হুচেই। ১০৮ত ফোন কৰাৰ পাছতো ১০৮ নহাত লোকজনে ফোনযোগে আৰক্ষীৰ সহায় বিচাৰে ।
ঢালিগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰসেঞ্জিত দাস তৎক্ষণাৎ লোকজনক সহায় কৰিবৰ বাবে নিশা ১০.৫৫ বজাত ছাতিপুৰত গৈ উপস্থিত হয় । ইতিমধ্যে ১০৮ৰ গাড়ীখনো আহি পাইছে । কিন্তু গাড়ীখনত মাথো এজনহে লোক । অকলে কি কৰিব ? ভাৰপ্ৰাপ্ত বিষয়া প্ৰসেঞ্জিতে নিজে পিপিই কিট পিন্ধি ১০৮ৰ লোকজনৰ স’তে অসুস্থ ছাদ্দামক উদ্ধাৰ কৰি কাজলগাঁও জেএচবি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে।
উদ্ধাৰৰ সময়ত লোকজন শ্বাস-প্ৰশ্বাসৰ অসুবিধাত আছিল । অক্সিজেন লেভেল মাথো ৫০ আছিল। এজন আৰক্ষী বিষয়াই পিপিই কিট পিন্ধি বিপদগ্ৰস্ত এজন লোকক সহায় কৰাত সকলো বাকৰুদ্ধ হৈ পৰে । কাৰণ, এই সমছোৱাত সকলোৱে আৰক্ষীক কেৱল সান্ধ্য আইন অমান্য কৰি ওলাই অহা লোকক কোবোৱাটোহে জানে । আৰক্ষীৰ লোকৰো যে হৃদয় আছে, তেওঁলোকো যে মানুহ, তেওঁলোকেও আপোনাৰ মোৰ দৰে সহায় কৰিব পাৰে সেয়াই প্ৰমাণিত নহয় নে ?
মানুহ মানুহৰ বাবে আজি এইষাৰ কথাই সকলোকে ভৱাই তুলিছে । ঢালিগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰসেঞ্জিত দাসৰ এই মহানুভৱতাৰ শলাইগ লৈছে জিলা আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়েও ।