গভীৰ নিম্নচাপত পৰিণত হ’ল ঘূৰ্ণিবতাহ

PTI05 23 2021 000163B 1621824831133 1621824863343

বতৰ বিজ্ঞান কেন্দ্ৰৰ পূৰ্বাভাস অনুসৰি গভীৰ নিম্নচাপৰ ঘূৰ্ণিবতাহত পৰিণত হ’ল য়াছ । উত্তৰ আৰু উত্তৰ-পশ্চিম দিশত গতি কৰিছে এই ঘূৰ্ণিবতাহে । সোমবাৰ নিশা পৰ্যন্ত য়াছ অধিক তীব্ৰতৰ হ’ব । বুধবাৰে স্থলভাগত পাবহি ঘূৰ্ণিবতাহ । এই পূৰ্বাভাস আলিপুৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ ।

কলকাতা আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত সোমবাৰ পুৱাৰ পৰাই ডাৱৰ দেখিবলৈ পোৱা গৈছে । মৃদু বতাহো বলিছে । বতৰ বিজ্ঞান কেন্দ্ৰৰ পূৰ্বাভাস, সমগ্ৰ ৰাজ্যতে পাতল বৃষ্টিপাত আৰু বতাহ বলাৰ সম্ভাৱনা আছে ।

বিগত ছয় ঘণ্টাত বংগোপসাগৰৰ পূৱ-মধ্য উপকূলত শক্তি বৃদ্ধি কৰিছে ঘূৰ্ণিবতাহে । সম্প্ৰতি পোৰ্ট ব্লেয়াৰৰ পৰা ছশ কিলোমিটাৰ দূৰত আছে । আগন্তুক ২৪ ঘণ্টাত তীব্ৰতা বৃদ্ধি কৰি স্থলভাগত আহি পাব ।

Exit mobile version