বিপিএফ এৰি বিজেপিত যোগদান বিজিত গৌৰা নাৰ্জাৰীৰ

WhatsApp Image 2021 05 28 at 1.18.24 PM

বিপিএফত মোক্ষম আঘাত হানি তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ২৬ নম্বৰ দৰংগাজুলী পৰিষদীয় সমষ্টিৰ বিপিএফৰ এমচিএলএ তথা বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য বিজিত গৌড়া নাৰ্জাৰীয়ে কালি দলত্যাগ কৰে ।

বিপিএফৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ অতি ঘনিষ্ঠ নাৰ্জাৰীৰ দলত্যাগে বিপিএফত জোঁকাৰণিৰ সৃষ্টি কৰে । এক সূত্ৰ‌ই উল্লেখ কৰা মতে, নাৰ্জাৰীয়ে তেওঁৰ পদত্যাগ পত্ৰ তামুলপুৰ জিলা বিপিএফৰ সভাপতিৰ জৰিয়তে কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰিছে ।

সম্প্ৰতি গুৱাহাটীত বাহৰ পাতি থকা নাৰ্জাৰীয়ে আজি ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যাল‌য়ত শাসক দলত যোগদান কৰে । উল্লেখ্য যে বিগত বিটিচি নিৰ্বাচনত বিপিএফৰ দুৰ্গৰূপে ক্ষাত দৰংগাজুলী পৰিষদীয় সমষ্টিৰ পৰা বিজেপি, ইউপিপিএলৰ প্ৰবল প্ৰত্যাহ্বান নেওচি তৃতীয়বাৰলৈ বিটিচি পৰিষদলৈ নিৰ্বাচিত হৈছিল নাৰ্জাৰী ।

দৰংগাজুলী সমষ্টিৰ ৰাইজৰ মাজত বিশেষ প্ৰভাৱ থকা নাৰ্জাৰীয়ে শেহতীয়াকৈ ইউপিপিএলত যোগদান কৰা বুলিও বিভিন্ন মাধ্যমত বাতৰি প্ৰচাৰ হৈছিল ‌।

Exit mobile version