‘হােৱাটছএপ’ গােচৰত নাগৰিকৰ মৌলিক অধিকাৰৰ নতুন ব্যাখ্যা দিলে কেন্দ্ৰৰ চৰকাৰে

কোনাে মৌলিক অধিকাৰ নিৰংকুশ নহয় : কেন্দ্ৰৰ যুক্তি

GettyImages 1001511110

গােপনীয়তা ৰক্ষা যিদৰে নাগৰিকৰ মৌলিক অধিকাৰ, একেদৰে দেশৰ আইন ব্যৱস্থা আৰু জাতীয় নিৰাপত্তা ৰক্ষা কৰাটো আমাৰ কর্তব্য। কেন্দ্ৰৰ নতুন বিধি নিষেধৰ বিৰুদ্ধে ‘হােৱাটছএপ’-এ আদালতৰ দ্বাৰস্থ হােৱা ঘটনাৰ সন্দৰ্ভত এইদৰে মত প্ৰকাশ কৰিলে কেন্দ্রীয় চৰকাৰে।

সম্প্রতি কেন্দ্রই জাৰি কৰা নতুন ডিজিটেল বিধিত ভাৰতীয়সকলৰ মৌলিক অধিকাৰৰ প্ৰশ্ন উত্থাপন কৰি আপত্তি প্রদর্শন কৰিছিল হােৱাটছএপে। এই বিষয়ত আদালততাে প্রতিষ্ঠানটোৱে কেন্দ্রীয় চৰকাৰৰ বিৰুদ্ধে গােচৰ তৰিছে।

এই গােচৰৰে উত্তৰ দি মৌলিক অধিকাৰৰ নতুন ব্যাখ্যা দিলে কেন্দ্ৰৰ চৰকাৰে। নতুন ডিজিটেল বিধিৰ প্ৰসংগত কেন্দ্রই কয় যে নাগৰিকসকলৰ গােপনীয়তাৰ অধিকাৰ নিশ্চিতভাৱে আছে যদিও প্রয়ােজনভিত্তিক নিয়ন্ত্রণ প্রশ্নও ইয়াৰ স’তে জড়িত হৈ আছে।

স্মর্তব্য যে যােৱা ২৫ ফেব্ৰুৱাৰীত কেন্দ্রীয় চৰকাৰে যােগাযােগ মাধ্যম, অটিটি মঞ্চ আৰু ডিজিটেল খবৰৰ প্ৰতিষ্ঠানৰ বাবে একাধিক নীতি-নির্দেশনা জাৰি কৰিছিল। এই নীতি-নিদের্শনা পালনৰ বাবে অন্তিম সময় আছিল যােৱা ২৫ মে।

কিন্তু হােৱাটছএপ, ফেচবুক, টুইটাৰ, ইনষ্টাগ্রাম আদিয়ে এই নিয়ম বর্তমানলৈকে পালন কৰা নাই। বৰঞ্চ হােৱাটছএপে দিল্লী উচ্চ ন্যায়ালয়ত চৰকাৰৰ নির্দেশনাৰ বিৰুদ্ধে গােচৰ ৰুজু কৰিছে ।

এই সন্দৰ্ভত উত্তৰ দি কেন্দ্রীয় তথ্যপ্রযুক্তি মন্ত্রী ৰবিশংকৰ প্ৰসাদে কয়, ‘আইনৰ পৰিভাষা অনুসৰি, কোনাে মৌলিক অধিকাৰ নিৰংকুশ নহয়। গােপনীয়তাৰ অধিকাৰৰ ক্ষেত্ৰতাে সেয়া চূড়ান্ত হয়।আইনৰ স্বাৰ্থত সকলােৰে ক্ষেত্ৰত অল্পবিস্তৰ নিয়ন্ত্রণ থকা প্রয়ােজন।

Exit mobile version