ক্ৰমশঃ কমিবলৈ লৈছে দৈনিক সংক্ৰমণ, তলাবন্ধ শিথিল কৰিছে বহু ৰাজ্য‌ই

976416 delhi lockdown

ভাৰতত ক’ভিড সংক্ৰমণৰ হাৰ ক্ৰমশঃ নিম্নগামী হৈছে । বিগত ৪৮ দিনত দৈনিক সংক্ৰমণ সৰ্বনিম্ন আছিল শনিবাৰে (এক লাখ ৭৩ হেজাৰ ৭৯০) । অধিকাংশ ৰাজ্যত আক্ৰান্তৰ সংখ্যা নিম্নগামী হোৱা হেতুকে লাহে লাহে তলাবন্ধ শিথিল কৰাৰ পৰিকল্পনা কৰিছে প্ৰশাসনে ।

পুনেত বিগত পাঁচ দিনত দৈনিক আক্ৰান্তৰ সংখ্যা তিনিহেজাৰতকৈও কম আছিল । পজিটিভিটীৰ হাৰ ১০ শতাংশৰো তলত । সেয়ে সপ্তাহান্তত চহৰত চলিত তলাবন্ধ উঠাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে । লগতে, দৈনিক পুৱা সাত বজাৰ পৰা ১১ বজালৈকে অত্যাৱশ্যকীয় পণ্যৰ দোকান খোলা ৰখাৰ অনুমতি দিয়া হৈছে । অত্যাৱশ্যকীয় পণ্যৰ ভিতৰত আছে শাক-পাচলি, ফল, গাখীৰ, মাংস, কণী, বেকাৰী, মিঠাই আদিৰ খাদ্যৰ দোকান । চশমাৰ দোকান, বৰষুণত ব্যৱহৃত সমগ্ৰীৰ দোকান, খেতিত ব্যৱহৃত সামগ্ৰীৰ দোকানো অত্যাৱশ্যকীয় পণ্যৰ ভিতৰত ৰখা হৈছে ।

সোমবাৰে পুৱা পাঁচ বজাৰ পৰা চহৰৰ ‘তলাখোলা’ প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি জনায় দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে । তেওঁ কয়, সৰ্ব্বপ্ৰথমে নিৰ্মাণ কাৰ্য আৰু কাৰখানাবোৰ আৰম্ভ কৰা হ’ব । পৰৱৰ্তী সময়ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি লাহে লাহে তলাবন্ধ খোলা হ’ব ।

বিগত ২৪ ঘণ্টাত ৰাজধানীত ন শ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে । তামিলনাডুত সাত জুন পৰ্যন্ত তলাবন্ধ বৃদ্ধি কৰা হৈছে যদিও কিছু ক্ষেত্ৰত শিথিল কৰা হৈছে । তলাবন্ধৰ প্ৰথম পৰ্যায়ত কেন্দ্ৰ‌ই সকলো দোকান বন্ধ ৰখাৰ নিৰ্দেশ দিছিল যদিও চৰকাৰে জনায় যে, স্থানীয় প্ৰশাসনৰ অনুমতিৰে দোকান, ঠেলা বা ভেনে পুৱা সাত বজাৰ পৰা সন্ধিয়া ছয় বজালৈ সামগ্ৰী বিক্ৰী কৰিব পাৰিব ।

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েদুৰাপ্পাই আজি জনায়, যদি তলাবন্ধ বৃদ্ধি কৰাটো নিবিচাৰে ৰাজ্যবাসীয়ে সহযোগিতা আগবঢ়াব লাগিব । সাত জুন পৰ্যন্ত তলাবন্ধ ঘোষণা কৰা হৈছে যদিও বৃদ্ধি হোৱাৰ শংকা কৰা হৈছে । শনিবাৰে উত্তৰপ্ৰদেশতো সংক্ৰমণৰ হাৰ হ্ৰাস পাইছে বুলি জনায় প্ৰশাসনে । ইপিনে, পৰিস্থিতি নিয়ন্ত্ৰিত নোহোৱাৰ বাবে কেৰালাত ন জুন আৰু গোৱাত সাত জুন পৰ্যন্ত তলাবন্ধ বৃদ্ধি কৰা হৈছে ।

কৰ’নাৰ তৃতীয় ঢৌত শিশুসকল আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক । সেয়ে চৰকাৰক সহায় কৰিবৰ বাবে শিশুৰোগ বিশেষজ্ঞসকলৰ স’তে বিশেষ টাস্ক ফ’ৰ্ছ গঠন কৰিছে অন্ধ্ৰপ্ৰদেশে ।

Exit mobile version