ভাৰত-ব্ৰিটেইনৰ কৰ’না ভাইৰাছৰ ‘মিশ্ৰিত’ প্ৰজাতিৰ সন্ধান পোৱা গৈছে ভিয়েটনামত

p80x0RqJ3yWThUcl6w3a0cCTSlSJHUE p0mGfqRl5u4BMKvvRUtkDLhZUHZajEHVO3DsZxRn8lb3SDEf duEQWI iu1ZQpry0gWxudYCXpapE6kGXmm2th0C9L5vy52b

কৰ’না ভাইৰাছৰ নতুন প্ৰজাতিৰ সন্ধান পোৱা গৈছে বুলি জনায় ভিয়েটনাম চৰকাৰে । তেওঁলোকে এই প্ৰজাতি ভাৰত আৰু ব্ৰিটেইনৰ ‘মিশ্ৰিত’ প্ৰজাতি বুলি দাবী কৰিছে ।

সম্প্ৰতি ভিয়েটনামত পুনৰ সংক্ৰমণ বৃদ্ধি পাইছে । হান’‌ই, হো চি মিনৰ দৰে বৃহৎ চহৰ আৰু ঔদ্যোগিক অঞ্চলবোৰত দ্ৰুত সংক্ৰমণ হৈছে । এই পৰ্যন্ত ভিয়েটনামত ছয় হেজাৰ আঠশ জনৰো অধিক লোক কৰ’নাত আক্ৰান্ত আৰু ৪৭ জনৰ মৃত্যু হৈছে । ইয়াৰ অধিকসংখ্যকেই হৈছে এপ্ৰিলত ।

ভিয়েটনামৰ স্বাস্থ্যমন্ত্ৰী এনগুৱেন টান লঙে কয়, ‘আমি এটা নতুন প্ৰজাতিৰ সন্ধান পাইছো । এই প্ৰজাতি ভাৰত আৰু ব্ৰিটেইনৰ মিশ্ৰিত প্ৰজাতি । এইধৰণৰ ভাইৰাছ অতি দ্ৰুতগতিত বতাহত বিয়পি পৰে । এজনৰ পৰা আনজনৰ শৰীৰত দ্ৰুত সংক্ৰমিত হয় ।’

ভিয়েটনাম চেণ্ট্ৰেল ইনষ্টিটিউট অৱ হাইজিন এণ্ড এপিডেম’লজিয়ে জনায়, দেশখনত নতুনকৈ আক্ৰান্তৰ চাৰিজনৰ শৰীৰত এই নতুন প্ৰজাতিৰ সন্ধান পোৱা গৈছে । নতুন প্ৰজাতি যাতে অধিক সংক্ৰমিত নহয় তাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ভিয়েটনাম চৰকাৰে । ৰেস্তোৰাঁ, চেলুন, মাছাজ পাৰ্লাৰ, ধৰ্মীয় স্থান, পৰ্যতন কেন্দ্ৰ প্ৰভৃতি বন্ধ ৰখা হৈছে ।

Exit mobile version