এইবাৰ ৰাণী অহিল্যাবাইৰ চৰিত্ৰত দেখা যাব নেকি প্ৰিয়ংকাক ?

ojcava8g priyanka

ৰাণী অহিল্যাবাই হ’লকৰক লৈ ছবি নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে গীতিকাৰ-লেখক মনোজ মুন্তাছিৰে । মনোজে ছবিখন প্ৰযোজনা কৰিব আৰু দিলীপ ভোঁছলে পৰিচালনা কৰিব । অহিল্যাবাইৰ চৰিত্ৰত প্ৰিয়ংকাক লোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে মনোজে । তেওঁ কয়, ‘প্ৰিয়ংকাৰ এই চৰিত্ৰ ফুটাই তোলাৰ যাৱতীয় গুণ আছে । ‘বাজিৰাও মস্তানি’ চলচ্চিত্ৰৰ তেওঁৰ অভিনয়ে মোক মুগ্ধ কৰিছিল । স্ক্ৰীপ্ত চূড়ান্ত হ’লেই প্ৰিয়ংকাক যোগাযোগ কৰিম ।’

বহু বছৰ পূৰ্বে মধ্যপ্ৰদেশৰ মহেশ্বৰ বেড়াত গৈছিল মনোজ । সেই সময়তেই অহিল্যাবাইৰ শৌৰ্য্য আৰু ৰাজপাট পৰিচালনাৰ ক্ষমতাৰ প্ৰতি তেওঁ আকৃষ্ট হয় । তেতিয়াৰ পৰাই তেওঁৰ এই মাৰাঠা ৰাণীক লৈ ছবি নিৰ্মাণ কৰাৰ হেঁপাহ আছিল ।

‘মহিলা শাসকৰ কথা ক’লেই আমি ঝাঁচিৰ ৰাণী লক্ষ্মীবাইৰ প্ৰসংগ উত্থাপন কৰো । অহিল্যাদেৱীও কোনো গুণে কম নাছিল । তেওঁ এগৰাকী বীৰ যোদ্ধাৰ লগতে, দক্ষ শাসক আছিল ।’ মন্তব্য মনোজৰ । তেওঁৰ ছবিৰ নাম ‘পুণ্যশ্লোক অহিল্যাবাই’ । সম্প্ৰতি ছবিখনৰ প্ৰি-প্ৰডাকছনৰ কাম চলি আছে ।

২০১৯ৰ ‘দ্য স্কাই ইজ পিংক’ ছবিৰ পাছত বলীউডৰ কোনো প্ৰকল্পতে প্ৰিয়ংকাক দেখা পোৱা নাযায় । তেওঁ বলীউডত একেলেথাৰি কাম কৰি আছিল । অৱশ্যে অভিনেত্ৰীগৰাকীয়ে কৈ আছিল যে, হিন্দীৰ মনপছন্দৰ প্ৰকল্পৰ অপেক্ষাত আছে তেওঁ । যিহেতু প্ৰিয়ংকাই আন্তৰ্জাতিক ক্ষেত্ৰত নিজৰ এটা সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে, সেয়ে হিন্দী চলচ্চিত্ৰৰ বাচনি কৰোঁতে কিছু সাৱধান হ’বলগীয়া হয় । এতিয়া মনোজৰ ছবিৰ প্ৰস্তাৱ অভিনেত্ৰীগৰাকীয়ে স্বীকাৰ কৰে নে নাই সেইটো লক্ষ্যণীয় হ’ব ।

Exit mobile version