ছয় বছৰধৰি গাঁত খান্দি মাটিৰ তলত ঘৰ বনালে !

0 PAY RealPress HoleHouse 12

মাতৃ-পিতৃৰ স’তে অশান্তি কৰি গৃহ ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ১৪ বছৰ বয়সতে । কিন্তু থাকিব ক’ত ? তেতিয়াৰ পৰাই গাঁত খন্দা আৰম্ভ কৰে । ছয় বছৰধৰি গাঁত খান্দি মাটিৰ তলত ঘৰ নিৰ্মাণ কৰিলে এওঁ ।

শোৱনি কোঠাৰ পৰা আৰম্ভ কৰি শৌচাগাৰ, তদুপৰি ৱাইফাই সংযোগ কৰাৰো ব্যৱস্থা আছে ঘৰখনত । তেওঁ স্পেনৰ বাসিন্দা আন্দ্ৰেছ কান্তো । ২০১৫ত তেওঁৰ ১৪ বছৰ বয়সত পোছাক নিৰ্বাচনক লৈ মাতৃ-পিতৃৰ স’তে অভিমত হয় । সেইদিনাখনৰ পৰাই তেওঁ মাতৃ-পিতৃৰ পৰা পৃথককৈ থাকিবৰ বাবে ঘৰৰ পাছফালে গাঁত খন্দা আৰম্ভ কৰে । সদায় বিদ্যালয়ৰ পৰা উভতাৰ পাছত গাঁত খান্দে ।

বিগত ছয় বছৰধৰি এনেদৰেই মাটিৰ তলত গৃহ নিৰ্মাণ কৰিলে আন্দ্ৰেছে । সম্প্ৰতি তেওঁৰ বয়স ২০ বছৰ । মাটিৰ তিনি মিটাৰ তলত তেওঁ এটা সৰু আশ্ৰয় তৈয়াৰ কৰিছে । আশ্ৰয়স্থলটোত এটা পৃথক শৌচাগাৰো আছে । পোহৰৰ ব্যৱস্থা, মিউজিক ছিষ্টেম, ৱাইফাইৰ ব্যৱস্থাও বিদ্যমান এই ‘পাতালগৃহ’ত ।

Exit mobile version