বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লক্ষ্মীনন্দন বৰাৰ পৰলোকপ্ৰাপ্তিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰে ।
মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটাৰত লিখে, ‘অপূৰ্ব কথনশৈলীৰে জনজীৱনক গভীৰভাবে চুই যোৱা বিৰল প্ৰতিভাধৰ সাহিত্যিক লক্ষ্মীনন্দন বৰাদেৱৰ পৰলোকপ্ৰাপ্তিত ৰাজ্যৰ সাহিত্য জগতৰ এক বৰ্ণিল অধ্যায়ৰ পৰিসমাপ্তি ঘটিল। প্ৰয়াত সাহিত্যিকগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছোঁ ।’
প্ৰয়াত লক্ষ্মীনন্দন বৰাদেৱৰ শেষকৃত্য ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক দায়িত্ব দিয়া হৈছে। বৰাদেৱৰ বিদেহ আত্মাৰ চিৰশান্তি পুনৰ কামনা কৰিলোঁ৷ ঔম শান্তি।
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) June 3, 2021
তেওঁ লগতে কয় যে, প্ৰয়াত বৰাৰ শেষকৃত্য ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হ’ব । সকলো ব্যৱস্থা গ্ৰহণৰ দায়িত্ব মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক অৰ্পণ কৰা হৈছে ।