টুইটাৰক অন্তিম সুযোগ কেন্দ্ৰৰ, নিয়ম পালন নকৰিলে শাস্তিৰ সকীয়নি

956710 twitter

ভাৰতত নিজস্ব অধিকাৰী নিয়োগ কৰাৰ বিষয়ত টুইটাৰক শেষ সুযোগ দিলে কেন্দ্ৰীয় চৰকাৰে । বিভিন্ন সামাজিক সংস্থাবোৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে যি নতুন আইন প্ৰৱৰ্তন কৰিছে, টুইটাৰে বিধি অৱলম্বন নকৰিলে সেই আইনৰ ভিত্তিত শাস্তিৰ যোগ্য হ’ব ।

‘ভাৰতীয় তথ্যপ্ৰযুক্তি আইনৰ ৭৯ নং ধাৰাৰ সকলো আইন টুইটাৰে শীঘ্ৰে পালন কৰিব লাগিব । নিয়ম পালন নকৰিলে ভৱিষ্যতে এই আইন আৰু ভাৰতীয় দণ্ড বিধিৰ ভিত্তিত শাস্তিৰ সন্মুখীন হ’ব সংস্থাই’, জনাইছে কেন্দ্ৰ‌ই ।

সম্প্ৰতি,উপ-ৰাষ্ট্ৰপতি বেংকয়া নাইডুৰ নিজস্ব টুইটাৰ একাউণ্টৰ পৰা নীলা টিক চিহ্ন আঁতৰাই দিছিল টুইটাৰে । টুইটাৰে জনায় যে, বিগত এমাহধৰি একাউণ্টটো ব্যৱহৃত নোহোৱাৰ বাবে নীলা টিক বেজ আঁতৰাই দিয়া হৈছিল । ইয়াৰ পাছতে কেন্দ্ৰীয় চৰকাৰে এক প্ৰকাৰৰ চৰম সতৰ্কবাণী দিয়ে ।

সাধাৰণতে, টুইটাৰ বা ফেচবুকৰ দৰে সামাজিক মাধ্যমবোৰত পোষ্ট কৰাৰ বিষয়ত এটা নিৰাপত্তা থাকে । নিয়ম অনুসৰি, যিয়ে পোষ্ট কৰিছে দায়িত্ব তেওঁৰ, সংস্থাৰ নহয় । কিন্তু নতুন আইন অনুসৰি, পোষ্টৰ দায়িত্ব হ’ব সংস্থাৰ । বিগত ফেব্ৰুৱাৰীৰ পৰাই টুইটাৰে এই বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ স’তে আইনী যুঁজ যুঁজি আছে ।

Exit mobile version