ওদালগুৰিত প্ৰাক্তন এনডিএফবিৰ সংবাদমেল

WhatsApp Image 2021 06 07 at 1.44.51 PM

◆বিটিআৰ চুক্তি অনুসৰি সা সুবিধা লাভৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ
◆ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নতুনকৈ গঠন হোৱা ৰাজ্য চৰকাৰখনক অভিনন্দন
◆তেখেতৰ নেতৃত্বতে বিটিআৰ চুক্তিখনৰ দফাসমূহ ক্ষীপ্ৰতাৰে ৰূপায়িত হোৱাৰ লগতে প্ৰাক্তন এনডিএফবিসকলৰ সমস্যাও শীঘ্ৰে সমাধান হব বুলি আশা প্ৰকাশ কৰিছো
◆বিটিআৰ চুক্তি স্বাক্ষৰৰ পাছত আমাৰ নিয়মীয়া মাহিলী ভাট্টাসমূহো অনিয়মীয়া হৈ পৰিছে
◆চুক্তি স্বাক্ষৰৰ ডেৰ বছৰ হোৱাৰ প্ৰাকক্ষণতো প্ৰাক্তন কেডাৰসকলে পুনঃসংস্থাপন লাভ কৰা নাই
◆আমি আৰ্থিকভাৱে ভাগি পৰি পৰিয়াল পোহপাল দিয়াত একপ্ৰকাৰ ব্যৰ্থ হৈ পৰিছো
◆চৰকাৰে দিয়া ফিক্স ডিপোজিটৰ ধনো উলিয়াৱ পৰা নাই
◆কেন্দ্ৰ-ৰাজ্য আৰু বিটিআৰ চৰকাৰৰ হস্তক্ষেপত আমাৰ প্ৰাক্তন এনডিএফবিসকলে অস্ত্ৰ সম্বৰণ কৰি শান্তিৰ স্বাৰ্থত মূল সূতিলৈ উভতি আহিছিলো
◆চুক্তি অনুসৰি প্ৰতিশ্ৰুতি পালন কৰিলেহে অঞ্চলটোলৈ শান্তি ঘুৰি আহিব
◆চৰকাৰে ঘোষণা কৰা একলাখ চাকৰিৰ কিছু অংশ আমাৰ বাবে সংৰক্ষণ কৰক
◆চুক্তি অনুসৰি প্ৰাক্তন এনডিএফবি সদস্যসকলৰ সমস্যা সমাধানৰ দফাসমূহো শীঘ্ৰে ৰূপায়ন কৰক চৰকাৰে
◆চৰকাৰখনে প্ৰতিগৰাকী প্ৰাক্তন এনডিএফবিৰ বাবে ঘোষণা কৰা এককালীন আৰ্থিক সাহাৰ্য্যসমূহো শীঘ্ৰে মোকলাই দিয়াৰ ব্যৱস্থা কৰিব লাগে
◆এনে ধৰণৰ অসুবিধাৰ সন্মুখীন হৈয়ে একাংশ প্ৰাক্তন এনডিএফবি সদস্য পুনৰ জংঘললৈ ঘুৰি যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আজিৰ সংবাদমেলত
◆চুক্তিৰ দফা অনুযায়ী প্ৰাক্তন এনডিএফবি কেডাৰসমূহৰ ওপৰত থকা গোচৰসমূহো শীঘ্ৰে প্ৰত্যাহাৰৰ বাবে দাবী তোলে
◆চুক্তি স্বাক্ষৰকাৰী হিচাপে প্ৰমোদ বড়োৱে আমাৰ কথা চিন্তা কৰা প্ৰয়োজন

Exit mobile version