কৰ’নাৰ প্ৰভাৱ : জাপানত পঞ্জীকৃত বিবাহ ১২.৩ শতাংশ হ্রাস, ১২১ বছৰৰ পাছত জন্মৰ হাৰ সর্বনিম্ন

602291b3cca90200129b72bc

কৰ’নাৰ ব্যাপক সংক্রমণে বিশ্বজুৰি জন্মৰ হাৰক প্ৰভাৱিত কৰিছে। আৰম্ভণিতে ধাৰণা কৰা হৈছিল যে তলাবন্ধৰ ফলত জন্মৰ হাৰ বৃদ্ধি পাব। কিন্তু বাস্তৱত জাপানত ২০২০ বৰ্ষত জন্মৰ হাৰ সর্বনিম্ন হ’ল।

জাপানৰ স্বাস্থ্য বিভাগে এই কথা প্রকাশ কৰি জনােৱা মতে, কৰ’না সংকটৰ ফলত ২০২০ বৰ্ষত জাপানত জন্ম হােৱা শিশুৰ সংখ্যা ৮,৪০,৮৩২ লৈ হ্রাস পালে। ২০১৯ৰ তুলনাত দেশখনত জন্মৰ হাৰ ২.৮ শতাংশ হ্রাস পাইছে।

এই পৰিসংখ্যা হৈছে ১৮৯৯ৰ পাছত সর্বনিম্ন। ইফালে, ২০২০ বৰ্ষত জাপানত পঞ্জীকৃত বিবাহৰ সংখ্যা ১২.৩ শতাংশ হ্রাস পাই ৫,২৫,৪৯০ হয়। ২০২০ বৰ্ষত জাপানত প্ৰজননৰ হাৰাে ১.৩৪ হ্রাস পায়।

ইফালে, ক’ভিড কালত চনত পঞ্জীকৃত নৱজাত শিশুৰ সংখ্যা ১৫ শতাংশ হ্রাস পালে। জাপানৰ প্রতিবেশী ৰাষ্ট্র দক্ষিণ কোৰিয়াতাে বিগত কে’বা বছৰ ধৰি জন্মৰ হাৰ হ্রাস পাইছে। ২০২০ বৰ্ষত দেশখনত জন্মতকৈ মৃত্যুৰ হাৰ অধিক হ’ল।

Exit mobile version