আজি সন্ধিয়া পাঁচ বজাত দেশবাসীক উদ্দেশ্যি ভাষণ দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰধানমন্ত্ৰীৰ সূত্ৰ অনুসৰি, দেশৰ কৰ’না পৰিস্থিতি আৰু প্ৰতিষেধকৰ সন্দৰ্ভত ক’ব প্ৰধানমন্ত্ৰীগৰাকীয়ে ।
দেশজুৰি ইতিমধ্যে কৰ’না ভাইৰাছৰ দ্বিতীয় ঢৌৰ প্ৰকোপ স্তিমিত হৈছে । মৃত্যুৰ হাৰো হ্ৰাস পাইছে । এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী মোদীৰ ভাষণৰ বিষয়বস্তু সন্দৰ্ভত আৰম্ভ হৈছে বিভিন্ন জল্পনা-কল্পনা । ক’ভিডৰ সম্ভাব্য তৃতীয় ঢৌৰ বিৰুদ্ধে যুঁজ দিবৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বিষয় থাকিব পাৰে প্ৰধানমন্ত্ৰীৰ ভাষণত । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ পৰিসংখ্যা অনুসৰি, বিগত ২৪ ঘণ্টাত দেশত কৰ’না আক্ৰান্তৰ সংখ্যা এক লাখ ৬৩৬ জন । মৃত্যুৰ সংখ্যা ২,৪২৭ ।
ইয়াৰ পূৰ্বে ২০ এপ্ৰিলত কৰ’না পৰিস্থিতিৰ বিষয়ত দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে । সেই ভাষণত তেওঁ কৰ’নাৰ দ্বিতীয় ঢৌৰ বিৰুদ্ধে যুঁজত ‘চিন্তা কৰি’ তলাবন্ধ জাৰি কৰাৰ পক্ষত প্ৰশ্ন উত্থাপন কৰিছিল । লগতে, ধৈৰ্য আৰু অনুশাসনৰে ক’ভিডৰ বিৰুদ্ধে যুঁজ দিয়াৰ কথাও প্ৰকাশ কৰিছিল ।