উহানৰ গৱেষণাগাৰৰ পৰাই ভাইৰাছ সংক্ৰমিত হ’ব পাৰে, সিদ্ধান্ত উপনীত হ’ল আমেৰিকাৰ গৱেষণাগাৰ

covid 19 hospital intensive care 123 20200620

উহানৰ গৱেষণাগাৰৰ পৰাই ক’ভিড সংক্ৰমণ হোৱাৰ সম্ভাৱনা অধিক । ইয়াক লৈ পুনৰ তদন্তৰ প্ৰয়োজন । আমেৰিকাৰ চৰকাৰী গৱেষণাগাৰৰ নথিত এই দাবী কৰা হৈছে । দ্য ৱাল ষ্ট্ৰিত জাৰ্নেলত প্ৰকাশিত এটা ৰিপ’ৰ্টত এই দাবীৰ বিষয়ে উল্লেখ কৰা হৈছে ।

ৰিপ’ৰ্ট অনুযায়ী, ২০২০ৰ মে’ত গৱেষণা আৰম্ভ কৰে কেলিফ’ৰ্ণিয়াৰ ল’ৰেন্স লিভাৰম’ৰ নেছনেল লেবৰেটৰীয়ে । দ্য ৱাল ষ্ট্ৰিত জাৰ্নেলৰ সন্দৰ্ভত কোনো মন্তব্য কৰিব নিবিচাৰে ল’ৰেন্স লিভাৰম’ৰ লেবৰ কৰ্তৃপক্ষই ।

বিগত মাহত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে এই ভাইৰাছৰ উৎস সন্ধান কৰাৰ নিৰ্দেশ দিয়ে । আমেৰিকাৰ চোৰাংচোৱাই দুটা বিষয়ত সন্দেহ কৰিছে, উহানৰ গৱেষণাগাৰ বা কোনো প্ৰাণীৰ শৰীৰৰ পৰাই ভাইৰাছ সংক্ৰমিত হৈছে । কিন্তু কোনো কাৰণকে চূড়ান্ত কৰিব নোৱাৰে তেওঁলোকে ।

কৰ’না সংক্ৰমণ হোৱাৰ পাছৰ পৰাই আমেৰিকাই দাবী কৰি আহিছিল যে, চীনৰ উহানৰ গৱেষণাগাৰৰ পৰাই সংক্ৰমণ হৈছে । কিন্তু উহানৰ গৱেষণাগাৰৰ পৰা সংক্ৰমণ হোৱাৰ কোনো তথ্য লাভ নকৰে তেওঁলোকে ।

অভিযোগ উত্থাপন হয় যে, চীনে তদন্তত সহযোগ কৰা নাই । ক’ৰ পৰা সংক্ৰমিত হ’ল কৰ’না ভাইৰাছ, এই তথ্যানুসন্ধানৰ মাজতে আমেৰিকা গৱেষণাগাৰৰ এই দাবীয়ে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে ।

Exit mobile version