চৰকাৰী বেংক ব্যক্তিগতকৰণৰ সন্দৰ্ভত অচিৰে কেন্দ্ৰৰ চৰকাৰে গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণৰ সম্ভাৱনা আছে। কিছুদিন পূর্বে নীতি আয়ােগে ব্যক্তিগতকৰণৰ বাবে নির্বাচিত কৰা চৰকাৰী বেংকৰ এখন তালিকা বিনিয়ােগমােচন সচিবৰ সমিতিলৈ প্ৰেৰণ কৰিছিল।
এইসমূহ বেংকৰ কেইটামানৰ চৰকাৰে ব্যক্তিগতকৰণ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে এতিয়ালৈকে চৰকাৰে ব্যক্তিগত খণ্ডক অর্পণ কৰিব বিচৰা চৰকাৰী বেংকৰ নাম ৰাজহুৱা কৰা নাই। ব্যক্তিগতকৰণৰ বাবে নীতি আয়ােগক দুটা চৰকাৰী বেংক আৰু এটা বীমা কোম্পানীৰ নাম নির্বাচন কৰাৰ দায়িত্ব দিয়া হৈছিল।
ব্যক্তিগতকৰণৰ বাবে আয়ােগে নির্বাচন কৰা বেংকৰ নাম এতিয়াও সদৰী কৰা হােৱা নাই। কিন্তু সংবাদ মাধ্যমত বিগত সময়ছােৱাত কে’বাটাও চৰকাৰী বেংকৰ নাম চৰ্চিত হৈ আহিছে। এইসমূহ বেংকৰ ভিতৰত বেংক অৱ মহাৰাষ্ট্র, ইণ্ডিয়ান অভাৰচিজ বেংক, বেংক অৱ ইণ্ডিয়া, চেন্ট্রেল বেংকৰ নাম চৰ্চিত হৈছে।
বিশেষজ্ঞসকলৰ মতে, প্রথম পর্যায়ত চৰকাৰে বেংক অৱ মহাৰাষ্ট্ৰ আৰু ইণ্ডিয়ান অভাৰচিজ বেংকক ব্যক্তিগত খণ্ডক গতাব পাৰে। আনহাতে, ব্যক্তিগতকৰণৰ বাবে নির্বাচন কৰা চৰকাৰী বীমা কোম্পানীৰ তালিকাত ইউনাইটেড ইণ্ডিয়া ইসুৰেন্স আৰু অৰিয়েন্টেল ইলুৰেন্সৰ নাম শীৰ্ষত আছে।
ৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি, চেলে বেংক অৱ ইণ্ডিয়া আৰু ইণ্ডিয়ান অভাৰচিজ বেংকে নিজৰ অংশ বিক্ৰী কৰাৰ সম্ভাৱনা আছে। শেহতীয়াভাৱে প্রকাশিত আন এক বাতৰিত উল্লেখ কৰা মতে, চৰকাৰে বেংক অৱ ইণ্ডিয়াৰাে অংশ হ্রাস কৰিব পাৰে।
সূত্ৰটোৱে ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ আগত কয় যে নিটি আয়ােগৰ বেংক ব্যক্তিগতকৰণৰ প্রস্তাৱৰ সন্দৰ্ভত বিনিয়ােগমােচন আৰু বিত্তীয় বিভাগে পর্যালােচনা অব্যাহত ৰাখিছে।