মার্কিন বৈদেশিক মন্ত্রীয়ে ক’লে ‘কৰ’নাৰ উৎস উলিয়াব আমেৰিকাই, চীনে সহযােগ কৰক’

2021 05 25T112658Z 226663379 RC2ZMN9XT1PN RTRMADP 3 ISRAEL PALESTINIANS USA BLINKEN 1621942424759 1623036573466

বিগত ডেৰ বছৰৰাে অধিক দিন বিশ্বজুৰি কৰ’নাই তাণ্ডৱ চলাই আহিছে। কোটি কোটি লোেক এই মাৰাত্মক ভাইৰাছত আক্রান্ত হৈছে। কে’বা লক্ষই বিশ্বত ক’ভিডত প্রাণ হেৰুৱালে।

বিশ্বৰ বহু দেশে চীনৰ গৱেষণাগাৰত কৰ’না ভাইৰাছ সৃষ্টি কৰা বুলি এক গুৰুতৰ অভিযােগ উত্থাপন কৰি আহিছে। এইবাৰ আমেৰিকাৰ বৈদেশিক মন্ত্রী এন্টনি ব্লিংকনে ঘােষণা কৰি কয় যে আমেৰিকাই ক’ভিড ভাইৰাছত উৎপত্তিৰ মূল চিনাক্ত কৰিব বিচাৰিছে আৰু চীনে এই ক্ষেত্ৰত সহযােগিতা আগবঢ়োৱা উচিত ।

ব্লিংকনে কয়, ‘আমি এই ভাইৰাছৰ উৎপত্তিৰ মূল চিনাক্ত কৰিব বিচাৰিছাে কিয়নাে ই আমাৰ বাবে পৰৱর্তী মহামাৰী প্ৰতিৰােধত যথেষ্ট সহায় কৰিব পাৰে। আমেৰিকাই কৰ’নাৰ উৎস নির্ণয় কৰিহে এৰিব আৰু এই ক্ষেত্ৰত চীনে প্রয়ােজনীয় সহযােগিতা আগবঢ়োৱা উচিত।

এনে কৰাটো চীনৰ বাবে হিতকৰ হ’ব। মার্কিন বৈদেশিক মন্ত্রীজনে লগতে কয় যে আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেনে প্রশাসনে কৰ’না ভাইৰাছৰ উৎপত্তিৰ মূল নির্ণয় কৰিবলৈ নির্দেশ দিছে আৰু এই ক্ষেত্ৰত মার্কিন চোৰাংচোৱাই তদন্ত চলাই ক’ভিডৰ প্রকৃত উৎসৰ সন্ধান উলিয়াব।

Exit mobile version