চিৰাং জিলাৰ ৩১ নং চিদলী বিধানসভা সমষ্টিৰ অন্তৰ্গত মাদাৰপুৰ, ডাবাবিল,নাথুৰবাৰীকে আদি কৰি বহু কেইখন গাঁওত বিগত এবছৰে হৈ নুঠিল কোনো বান-গৰাখহনিয়া প্ৰতিৰোধৰ ব্যৱস্থা I যাৰ বাবে আই নদীৰ বাঢ়নি পানীয়ে উটুৱাই নীলে মূল পথচোৱা আৰু মথাউৰি খন।
যোৱা বছৰ আই নদীয়ে গতি সলাই ডাবাবিল গাঁওখন সম্পুৰ্ণ ৰূপে গৰাখহনীয়াত আই নদীৰ বুকুত বিলিন হোৱাৰ লগতে মাদাৰপুৰ গাঁওখনৰ মাজেৰে যোৱাত গাঁওখনৰ প্ৰায় আধাৰ বেছি আই নদীত বিলিন হব লগীয়া হৈছে। মন্ত্ৰী-বিধায়ক,জিলা উপায়ুক্তই অঞ্চলটো ভ্ৰমন কৰি পৰিস্থিতিৰ বুজ লৈছে কিন্ত কোনো কামেই কৰা নাই বুলি স্থানীয় লোকে অভিযোগ কৰে। এই বছৰ কেৱল মাথো এমজিএনৰেগা আঁচনীৰে বালিৰ মথাউৰি এটা নিৰ্মান হল।

বিটিচিৰ ধনেৰে বালিৰ এটা মথাউৰি বান্ধিছে খৰশ্ৰোতা আই নদীৰ বান-গৰাখহনীয়া প্ৰতিৰোধৰ বাবে। কিন্ত বাৰিষাৰ প্ৰথমজাক বানতেই এই বালিৰ মথাউৰি খহাই নীলে আই নদীৰ বাঢ়নী পানীয়ে । উটুৱাই নিলে আই নৈৰ ওপৰত থকা কেবাটাও বাহৰ দলং। এতিয়া একমাত্ৰ নাঁওখনেই একমাত্ৰ যাতায়াতৰ উৎস হৈ পৰিছে বৃহত্তৰ অঞ্চল টোৰ ৰাইজৰ ।
ইপিনে বালিৰ মথাউৰি খহাই নিয়াৰ ফলত গাঁওৰ মাজেৰে সোমাই পৰিছে আই নৈৰ বাঢ়নি পানী। নদীদ্বিপ সদৃশ বৃহত্তৰ অঞ্চলটোৰ ৰাইজে এতিয়াও আশা এৰা নাই পৰিৱৰ্তনৰ শ্লোগানেৰে বিটিচিত শাসনভাৰ লোৱা প্ৰমোদ বড়ো নেতৃত্বাধীন (ইউপিপিএল) বিটিআৰ প্ৰশাসনৰ ওপৰত।
ADVERTISEMENT