বোকাজান নগৰত উপৰ্যুপৰি উদ্ধাৰ হোৱা নিষিদ্ধ ড্ৰাগছে উদ্যোগ নগৰীখনৰ নৱপ্ৰজন্মক বাৰুকৈয়ে প্ৰভাৱম্বিত কৰি তুলিছে৷ বোকাজানৰ দুমুখীয়া গাঁও অঞ্চলত বোকাজানৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই তহল দি থকা অৱস্থাত বাইকেৰে এজন যুৱকে হেলমেট আৰু মাস্ক পৰিধান নকৰাৰ বাবে ৰখাওঁতে আৰক্ষীৰ জালত পৰিল ধৃত যুৱকজন।
বোকাজান আৰক্ষীয়ে যুৱকজনৰ পৰা উদ্ধাৰ কৰে প্ৰায় ১২ গ্ৰাম হেৰ’ইন। অতি কৌশলেৰে বাইকৰ ছিটৰ তলত লুকুৱাই আনিছিল মাৰাত্মক হেৰ’ইন। ইয়াৰ পূৰ্বেও বোকাজানত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ হৈ আহিছে।
আৰক্ষীৰ তদন্তত প্ৰথমে ধৃত যুৱকে নিজকে ৰোহন গৌড় বুলি পৰিচয় দিছিল কিন্তু পাছত আৰক্ষীৰ অধিক তদন্তত গম পোৱা গ’ল যে ধৃত যুৱকৰ নাম মুক্তাৰ চেইখ।
উল্লেখযোগ্য যে বোকাজান নগৰৰ কেবাটাও স্থানত একাংশ কম বয়সৰ যুৱকে ড্ৰাগছ আৰু গাঞ্জা ক্ৰয়ৰ বাবে অহা যোৱা কৰা পৰিলক্ষিত হয় ৷ বিশেষকৈ নিজৰাপাৰ, দুমুখীয়া, শুকানজান ,বোকাজান বজাৰ অঞ্চলৰ কেবাটাও স্থানত একাংশ খুচুৰা চোৰাং ব্যৱসায়ীয়ে যোগান ধৰি আহিছে এই মাৰাত্মক নিচজাতীয় সামগ্ৰীসমূহ ৷ শেহতীয়াকৈ আৰক্ষীৰ তৎপৰতাত বোকাজানত ওলাই পৰিছে ড্ৰাগছৰ ন-ন ঘাটি ৷