দক্ষিণী ছবিলৈ মন মেলিছে ছলমানে

হঠাৎ দক্ষিণী ছবিলৈ মন মেলিছে ছলমান খানে। অৱশ্যে দক্ষিণৰ ছবিত তেওঁ অভিনয় কৰিব বিচৰা নাই। বৰঞ্চ দক্ষিণৰ ছবিৰ ৰিমেক কৰি পুনৰ দৰ্শকৰ মাজত সােমাব বিচাৰিছে বলিউদৰ ভাইজানে। ইয়াৰ কাৰণ হৈছে তেওঁৰ শেহতীয়া ছবি ‘ৰাধে : ইয়’ৰ ম’ষ্ট ৱান্টেড ভাই’।

ছলমানৰ এই ছবিখনে অটিটি আৰু চিত্ৰগৃহত সমানে মুক্তি লাভ কৰিলেও দর্শকৰ বিশেষ সঁহাৰি নাপালে। তেওঁৰ বিপুল সংখ্যক অনুৰাগীৰ অধিকাংশই ছবিখন পছন্দ নকৰিলে। আনকি বহুতেই সামাজিক মাধ্যমত ছবিখনক লৈ নানা কটাক্ষ কৰিছে।

অৱশ্যে এই ব্যর্থতাই হতাশ কৰিব পৰা নাই ‘টাইগাৰ’ক। বৰঞ্চ নতুন কামৰ পৰিকল্পনা তেওঁ ইতিমধ্যেই আৰম্ভ কৰিছে। তথাপি ছলমানে এইবাৰ সতর্ক হৈ আগবাঢ়িব বিচাৰিছে। সেইবাবেই তেওঁ পুনৰ দক্ষিণৰ ছবিৰ ৰিমেকলৈ মন মেলিছে।

ইয়াৰ পূর্বেও ছলমানে বহু কেইখন দক্ষিণৰ ছবিৰ ৰিমেক নির্মাণ কৰিছিল। প্ৰচুৰ একচন থকা ছবিৰ পাছত ছলমানে এইবাৰ ৰহস্যৰ সন্ধানত নামিছে। বলিউদত চর্চা হােৱা অনুসৰি, দক্ষিণৰ ছুপাৰষ্টাৰ ৰবি তেজাৰ নৱতম ছবি ‘খিলাড়ী’ৰ বিমেকৰ কথা চিন্তা কৰিছে ছলমানে।

এই তেলুগু ছবিখনৰ ট্রেলাৰ দেখি ছলমান মুগ্ধ হৈছে। লগে লগে তেওঁ পৰিচালক ৰমেশ বার্মাক এই ছবিখনৰ হিন্দী ৰিমেক নির্মাণ কৰাৰ দায়িত্ব অর্পণ.কৰিছে । ‘খিলাড়ী’ ছবিত ৰবিয়ে দ্বৈত চৰিত্ৰত অভিনয় কৰিব। অতীতত ছলমানেও ‘জুড়ােৱা’ ‘প্রেম ৰতন ধন পায়াে’ আদি ছবিত দ্বৈত চৰিত্ৰত অভিনয় কৰিছে।

অৱশ্যে মহাতাৰকাজনে এই পর্যন্ত ‘খিলাড়ী’ৰ ৰিমেক সন্দৰ্ভত কোনাে কথা সদৰী কৰা নাই। ‘ৰাধে’ৰ পাছত ছলমান সম্প্রতি ‘টাইগাৰ’ ফ্রেঞ্চাইজিৰ তৃতীয়টো সংস্কৰণৰ কামত ব্যস্ত হৈ আছে। আনহাতে, তেওঁৰ শেহতীয়া ছবি ‘অন্তিম : দ্য ফাইনেল টুথ’ মুক্তিৰ অপেক্ষাত আছে। এই ছবিখনত ছলমানে এজন সৎ,নির্ভীক আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছে।

Exit mobile version