চকুৰ নিমিষতে ছিংকহ’লৰ ভিতৰত সোমাই গ’ল এখন গাড়ী । এই ঘটনা সংঘটিত হৈছে মুম্বাইৰ ঘাটক’পাৰ অঞ্চলত । সংশ্লিষ্ট ঘটনাৰ ভিডিঅ’ সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ।
বিগত কিছুদিন ধৰি মুম্বাইত প্ৰবল বৃষ্টিপাত হৈ আছে । মুম্বাইৰ ঘাটক’পাৰ পৰিস্থিতি ভয়াবহ । দেওবাৰে অঞ্চলটোৰ ৰামনিবাস ছ’ছাইটিত ঘটনাটো সংঘটিত হয় । গাড়ীৰ স্বত্বাধিকাৰীয়েই ভিডিঅ’টো ৰেকৰ্ড কৰে ।
Scary visuals from Mumbai's Ghatkoper area where a car drowned in few seconds. pic.twitter.com/BFlqcaKQBo
— Shivangi Thakur (@thakur_shivangi) June 13, 2021
ছ’ছাইটিৰ গাড়ী পাৰ্কিঙত বহুকেইখন গাড়ী ৰাখি থোৱা আছিল । দেওবাৰেও পুৱাৰ পৰাই বৃষ্টিপাত হৈ আছিল । হঠাৎ দেখা যায়, নীলা ৰঙৰ গাড়ী পাৰ্ক কৰি থোৱা ঠাইডোখৰ তললৈ সোমাই এটা বিশাল গাঁতৰ সৃষ্টি । মুহূৰ্ততে গাড়ীখন গাঁতৰ ভিতৰত সোমাই যায় ।
ছ’ছাইটিৰ বাসিন্দাসকলে জনায় যে, গাড়ী পাৰ্কিঙৰ ব্যৱস্থা কৰা ঠাইত বহু বছৰ পূৰ্বে ৫০ ফুট গভীৰ এটা কুঁৱা আছিল । সেই কুঁৱাটো পুতি পাৰ্কিং লটৰ ব্যৱস্থা কৰা হৈছে । গভীৰ বৃষ্টিপাতৰ বাবে মাটি কোমল হৈ যোৱাৰ বাবেই এই ঘটনা সংঘটিত হৈছে ।