দেওবাৰে পাঠশালাত উপস্থিত হয় ৰাজ্যৰ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা৷ যোৱা পাছ জুনত বিয়োগ ঘটা পাঠশালাৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী শিক্ষাবিদ ৰূপে পৰিচিত সম্পূৰ্ণানন্দ তালুকদাৰৰ বাসগৃহত উপস্থিত হয় মূখ্যমন্ত্ৰীগৰাকী ।
প্ৰয়াত তালুকদাৰৰ পৰিয়ালক সাক্ষাৎ কৰাৰ পূৰ্বে মৃতকৰ প্ৰতিচ্ছবিত পুষ্পঞ্জলিৰে শ্ৰদ্ধা নিবেদন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ শিক্ষাবিদগৰাকীলৈ শ্ৰদ্ধা জনাই অসমৰ সমাজ জীৱনত এজন উল্লেখযোগ্য ব্যক্তি হেৰুৱালে বুলি মত পোষণ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷
আনহাতে সাংবাদিকৰে হোৱা বার্তালাপত মূখ্যমন্ত্ৰীগৰাকীয়ে কয় অসম আন্দোলন বলিষ্ঠ ভুমিকা গ্ৰহন কৰা বিশিষ্ট সমাজকৰ্মী গৰাকীয়ে বজালী মহকুমাক জিলালৈ পৰিবৰ্তন কৰাত আগ ভাগ লোৱা ,বজালী মহাবিদ্যালয়ক ভট্টদেৱ বিশ্ববিদ্যালৈ পৰিবৰ্তনৰ কৰা তথা বজালীৰ বিভিন্ন সমস্যাক সন্মুখৰ পৰা নেতৃত্বত দি আহিছিল বুলি মন্তব্য প্ৰকাশ কৰে ।
আজি মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে বিটিআৰৰ মুখ্যকাৰ্যবাহী প্ৰমোদ বড়ো ,কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাস , ভৱানিপুৰ সমষ্টি বিধায়ক ফনীধৰ তালুকদাৰ, অগপ নেতা তথা শিক্ষাবিদ ড০ ৰণজিৎ ডেকা ৷
আনহাতে আজি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি বিশিষ্ট শিল্পী তথা আৱাহন থিয়েটাৰৰ প্ৰয়োজক কৃষ্ণ ৰয়ে বৰ্তমান চৰকাৰে প্ৰদান কৰা শিল্পী পেঞ্চন বৃদ্ধি কৰিবলৈ আহ্বান জনোৱাৰ প্ৰতি সহাৰি জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে অতি সোনকালে মাহিলী শিল্পী পেঞ্চন বৃদ্ধি কৰা হব বুলি ৰয়ক জানিবলৈ দিয়ে ৷