বিশ্বৰ সর্ববৃহৎ পৰিয়ালৰ মুৰব্বী জিঅ’না চানাৰ দেওবাৰে আইজলৰ ট্রিনিটি হাস্পতালত মৃত্যু হয়। ৩৮ গৰাকী পত্নী, ৮৯ টা সন্তান আৰু ৩৩ টা নাতি-নাতিনী এৰি থৈ যােৱা চানাৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৬ বছৰ। তেওঁৰ মৃত্যুৰ তথ্য টুইটাৰযােগে সদৰী কৰিছে মিজোৰামৰ মুখ্যমন্ত্রী জোৰামথাংগাই।
তেওঁ কয় যে এই পৰিয়ালটোৰ বাবে মিজোৰাম আৰু চানাৰ গাঁওখন হৈ পৰিছিল পর্যটকৰ অন্যতম আকর্ষণৰ কেন্দ্রবিন্দু। মুখ্যমন্ত্ৰীয়ে টুইটাৰত কয় যে গধুৰ হৃদয়ৰে মিজোৰামে বিদায় জনালে জিঅনালৈ। মুখ্যমন্ত্ৰীগৰাকীয়ে মৃতকৰ আত্মাৰ সদগতি কামনা কৰে।
১৯৪৫ৰ ২১ জুলাইত জন্মগ্রহণ কৰা চানা আছিল গাঁওখনৰ এটা ধর্মীয় সম্প্রদায়ৰ মুৰব্বী। তেওঁৰ প্ৰথমগৰাকী পত্নী তেওঁতকৈ তিনি বছৰে বয়সত সৰু আছিল। ১৭ বছৰ বয়সতে প্রথম বিবাহ কৰিছিল চানাই। তেওঁৰ পৰিয়ালৰ সদস্যসকলে এটা চাৰিমহলীয়া ঘৰত বাস কৰিছিল।
পাহাৰেৰে আৱৰা চানাৰ গাঁওখনৰ এই ঘৰটোত আছে ১০০তকৈও অধিক কোঠা। তথ্য অনুসৰি তেওঁৰ পৰিয়ালৰ সকলােবােৰ সদস্যই একেটা ঘৰত ভিন ভিন কোঠাত বসবাস কৰে। অৱশ্যে তেওঁলােকৰ ৰান্ধনিশাল এটাই। তদুপৰি চানাৰ নিজস্ব কোঠাৰ কাষতে এটা বিশাল কোঠাত পত্নীসকল একেলগে থাকিছিল।