গুৱাহাটীত কাৰ্ফিউ এক বজাৰ সলনি দুই বজাৰ পৰা
দক্ষিণ শালমৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, চৰাইদেউত কাৰ্ফিউৰ সময় বিয়লি ৫ বজাৰ পৰা
দক্ষিণ শালমৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, চৰাইদেউত দিনৰ চাৰি বজালৈ খোলা থাকিব দোকান-পোহাৰ, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, ধাবা, ৰেষ্টুৰেণ্ট। এইকেইখন জিলাৰ বাহিৰে বাকী জিলাসমহূত ১২ বজাতে বন্ধ হ’ব দোকান-পোহাৰৰ লগতে কাৰ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠান
২১ জুনলৈ সংক্ৰমণ নিয়ন্ত্ৰণ নহ’লে কাছাৰ, তিনিচুকীয়া, ডিব্ৰুগড়, শোণিতপুৰ আৰু নগাঁৱত অধিক কঠোৰ হ’ব নিয়ম।
দুটা ড’জ ভেকচিন লোৱা সকলো আহিব লাগিব কাৰ্যালয়লৈ।গৰ্ভৱতী মহিলা, পাঁচ বছৰতকৈ তলৰ শিশুৰ মাতৃ, দিব্যাংগসকলে ঘৰৰ পৰাই কৰিব পাৰিব কাম
বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান। ধৰ্মীয় অনুষ্ঠান, বিবাহ, সত্কাৰত ১০জনেহে ভাগ ল’ব পাৰিব।ৰাজ্যত ২২ জুনলৈকে বন্ধ থাকিব আন্তঃজিলা যাতায়াত ।






























