কোচৰাজবংশী জাতি জনগোষ্ঠীৰ ভাষা-সাহিত্যৰ উন্নয়নৰ বাবে গঠন হোৱা কোচৰাজবংশী সাহিত্যসভাৰ মুখ্য কাৰ্যালয় গিৰিজা ভূষন ৰায় ভৱন নির্মাণৰ অৰ্থে ভূমিদান কৰা প্ৰমিলা বৰ্মন (পানীমালা)ৰ যোৱা ১০ জুন তাৰিখে কিড্নি বিকল হৈ মৃত্যু হয় । প্ৰমিলা বৰ্মনৰ মৃত্যুত শক্তি আশ্ৰম অঞ্চলৰ লগতে কোচৰাজবংশী সাহিত্যসভাইও গভীৰ শোক প্রকাশ কৰি আত্মাৰ সদ্গতি কামনা কৰে ।
কোচৰাজবংশী সাহিত্যসভাৰ প্ৰতিষ্ঠাপক সাংগঠনিক সম্পাদক নীৰদ বৰ্মনৰ লগতে কোচৰাজবংশী সাহিত্য সভাৰ সাধাৰণ সম্পাদক কমল কুমাৰ বৰ্মনে শোক প্রকাশ কৰিছে ।
উল্লেখ্য যে কোচৰাজবংশী সাহিত্যসভাৰ মুখ্য কাৰ্যালয় কোকৰাঝাৰ জিলাৰ শক্তি আশ্ৰমস্থ গিৰিজা ভূষন ৰায় ভৱনৰ মাটিডৰা প্ৰমিলা বৰ্মনৰ পিতৃ গিৰিজা ভূষন ৰায়ৰ স্মৃতি ৰক্ষাৰ্থে দান কৰিছিল । যাৰ বাবে আজিৰ দিনত কোচৰাজবংশী সাহিত্যসভাৰ কাৰ্যালয়টো স্থাপন কৰা সম্ভৱ হৈছে বুলি সাহিত্য সভাৰ কৰ্মকৰ্তাসকলে প্ৰকাশ কৰিছে ।