বিনামূল্যে স্মাৰ্টফোন আৰু কম খৰচৰ প’ষ্টপেইড্ মোবাইল সেৱা সূচনা কৰি টেলিকম উদ্যোগত নতুন ধাৰাৰ সূচনা কৰিব বিচাৰিছে ৰিলায়েন্সৰ স্বত্বাধিকাৰী মুকেশ অম্বানীয়ে । আগন্তুক ২৪ জুনত সংস্থাৰ শ্বেয়াৰ হ’ল্ডাৰসকলৰ সভাত এই পৰিকল্পনাৰ কথা ঘোষণা কৰাৰ সম্ভৱনা অম্বানীৰ ।
পৰৱৰ্তী সময়ত আগষ্ট-ছেপ্তেম্বৰত আনুষ্ঠানিক সূচনা হ’ব পাৰে এই কৰ্মসূচীৰ । প্ৰাথমিকভাৱে বৃহৎ আকাৰত গুগল চালিত স্মাৰ্টফোন বজাৰত মুকলি কৰাৰ লক্ষ্য কৰা হৈছে যদিও পৰৱৰ্তী পৰ্যায়ত অম্বানীয়ে ‘ধিৰে চল’ নীতি গ্ৰহণ কৰিব পাৰে বুলি সংস্থাৰ এক সূত্ৰই জনাইছে ।
টেলি পৰিসেৱা সংক্ৰান্ত কিছু বিষয়ত গুগল আৰু ৰিলায়েন্সৰ মাজত কিছু মতবিৰোধ হৈছে বুলিও সেই সূত্ৰৰ খবৰ । অৱশ্যে এই বিষয়ত এতিয়ালৈ আনুষ্ঠানিকভাৱে দুটা সংস্থাৰ তৰফৰ পৰা একো জনোৱা হোৱা নাই । বিগত বৰ্ষত ৩৩,৭৩৭ কোটি টকা বিনিয়োগ কৰি জিঅ’ প্লেটফৰ্মৰ ৭.৭ শতাংশ ক্ৰয় কৰিছে মাৰ্কিন তথ্যপ্ৰযুক্তি সংস্থা গুগলে ।
তলাবন্ধ পৰিস্থিতিৰ মাজতো দেশ-বিদেশৰ কিছুসংখ্যক সংস্থাক জিঅ’ প্লেটফৰ্মত আনি টেলিকম পৰিসেৱাৰ বজাৰত নতুন উদ্যোগৰ বাবে কাম আৰম্ভ কৰিছিল দেশৰ বৃহত্তম শিল্পগোষ্ঠীটোৱে । নতুন পৰিসেৱাত কম খৰচত ফোন কৰাৰ লগতে ব্যৱহাৰ কৰিব পৰা যাব ইণ্টাৰনেট, বিভিন্ন বিনোদনমূলক মোবাইল এপ্লিকেচন । বিগত বৰ্ষত সংস্থাৰ বাৰ্ষিক সাধাৰণ সভাত এই পৰিকল্পনাৰ বিষয়ে জনাইছিল অম্বানীয়ে ।