চলিত বিত্তীয় বৰ্ষত কৰ’নাৰ দ্বিতীয় ঢৌত অন্তত দুই লাখ কোটি টকা ক্ষতি হোৱাৰ পথত ভাৰতৰ অৰ্থনীতি।জুন মাহৰ বুলেটিনত জনালে ভাৰতীয় ৰিজাৰ্ভ বেঙ্ক অফ ইন্ডিয়াই । ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে লক্ষ্য কৰিছে যে ভাৰতৰ অৰ্থনীতিয়ে কৰ’নাৰ দ্বিতীয় ঢৌৰ স’তে যুঁজ দিব লাগিব যদিও মানুহৰ সজাগতা যথেষ্ট বৃদ্ধি পাইছে।
দ্বিতীয় ঢৌৱে মূলতঃ ঘৰুৱা চাহিদাক প্ৰভাৱিত কৰিছে । সেয়ে আৰবিআইয়ে বৃহৎ লোকচানৰ সম্ভাৱনা দেখিছে । কিন্তু আৰবিআইয়ে কয় যে দেশৰ মুঠ ঘৰুৱা মূল্যায়ন বা জিডিপিৰ মাজত কোনো পোনপটীয়া সম্পৰ্ক নাই।
আৰবিআইয়ে এইটোও কয় যে বেংকত লোকসকলৰ সঞ্চিত জমা পুঁজি ক্ৰমান্বয়ে হ্ৰাস পাইছে। ইয়াৰ দ্বাৰা বুজিব পাৰি যে মানুহৰ হাতত নগদ ধন নামি আহিছে। যি দৈনিক ঘৰুৱা চাহিদাক প্ৰভাৱিত কৰিছে।
একেদৰে, ভাৰতীয় কেন্দ্ৰীয় বেংকেও ইয়াৰ মাহেকীয়া বুলেটিন প্ৰকাশ কৰিছে। তেওঁলোকৰ মাহেকীয়া বুলেটিনত ভাৰতৰ অৰ্থনীতিৰ সামগ্ৰিক অৱস্থা, বিত্তীয় গাঁথনি আৰু দেশৰ সামগ্ৰিক উৎপাদনৰ ওপৰত তিনিটা পৃথক প্ৰতিবেদনত আলোকপাত কৰা হৈছে।
অৰ্থনীতিৰ ক্ষতিৰ বিষয়েও আলোচনা হৈছে। তেওঁলোকৰ মতে, টিকাকৰণৰ সংখ্যা যিমানে দ্ৰুতগতিত হ’ব, ভাৰত এই সমস্যাৰ পৰা সিমানে দ্ৰুতগতিত ওলাই আহিব।